অসম

assam

ETV Bharat / state

আহাৰ গ্ৰহণ কৰিছে চিকিৎসাধীন বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙে - Rongbong Terang slowly recovering - RONGBONG TERANG SLOWLY RECOVERING

Rongbong Terang : মহানগৰীত চিকিৎসাধীন হৈ আছে পদ্মশ্ৰী ৰংবং তেৰাং ৷ দেওবাৰে দুপৰীয়া হঠাৎ অসুস্থ হৈ পৰাত বিশিষ্ট সাহিত্যিকগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

Noted litterateur Padma Shri Rongbong Terang
বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাং

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 3:39 PM IST

গুৱাহাটী, ৮এপ্ৰিল :পূৰ্বতকৈ সুস্থ হৈছে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাং । মহানগৰীৰ দিছপুৰ পলিক্লিনিক হাস্পতালত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলাই থকা হৈছে সাহিত্যিকগৰাকীক । চিকিৎসকৰ তত্বাৱধানত ক্ৰমান্বয়ে সুস্থ হৈছে বিশিষ্ট সাহিত্যিকগৰাকী । সোমবাৰে পুৱাৰ আহাৰ গ্ৰহণ কৰি চিকিৎসালয়ৰ বিছনাত বহি কথা পাতিছে ৰংবং তেৰাঙে ।

উল্লেখ্য় যে দেওবাৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি শুই থকা অৱস্থাতে অসুস্থ হৈ পৰিছিল পদ্মশ্ৰী ৰংবং তেৰাং। তাৰ পাচতে বিয়লি ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল সাহিত্যিকগৰাকীক । অৱশ্য়ে নিশা উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতালৰ পৰা প্ৰেৰণ কৰা হয় গুৱাহাটী মহানগৰীলৈ । নিশাই মহানগৰীৰ দিছপুৰ পলিক্লিনিক হাস্পতালত ভৰ্তি কৰোৱা হয় ”ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টাক । সাহিত্যিকগৰাকীক দিছপুৰ পলিক্লিনিক হাস্পতালত ভৰ্তি কৰোৱাৰ পাছতে হস্পতালত উপস্থিত হয় বহু কেইগৰাকী গুণমুগ্ধ । ইপিনে, নিশাই সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ হস্পতালত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ ।

উল্লেখ্য যে কাৰ্বি সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাং । অসম সাহিত্য সভাৰ দুবাৰকৈ সভাপতিৰ দায়িত্ব দুবাৰকৈ গ্ৰহণ কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে । অসমীয়া আৰু কাৰ্বি মূলতঃ এই দুয়োটা ভাষাতে তেওঁ ৰচনা কৰি আহিছে । সাহিত্যৰ প্ৰতি থকা অনবদ্য অৱদানৰ বাবে ১৯৮৯ত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল । শেহতীয়াকৈ ২০২২ বৰ্ষত কটন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তেখেতক ডি-লিট উপাধিও প্ৰদান কৰা হয় ।

লগতে পঢ়ক:বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ: উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ - Rongbong Terang Hospitalized

ABOUT THE AUTHOR

...view details