অসম

assam

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 9:14 PM IST

ETV Bharat / state

বিশিষ্ট পৰিচালক-নাট্যকাৰ, প্রবীণ সাংবাদিক শৈলেন কুমাৰ নাথৰ দেহাৱসান - Sailen Kumar Nath passes away

Sailen Kumar Nath passes away: বিশিষ্ট পৰিচালক, সমালোচক, নাট্যকাৰ, অভিনেতা শৈলেন কুমাৰ নাথৰ দেহাৱসান । ৭৫ বছৰ বয়সত বাহনা ধৌৱাপুখুৰীৰ নিজা বাসগৃহতে ইহসংসাৰ ত্যাগ কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা সাংবাদিকগৰাকীয়ে । বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত শোকস্তব্ধ সাংস্কৃতিক মহল ।

Noted director, playwright and veteran journalist Sailen Kumar Nath passes away
শৈলেন কুমাৰ নাথৰ দেহাৱসান (ETV Bharat Assam)

যোৰহাট,২০ জুন:যোৰহাটৰ সামাজিক, সাংস্কৃতিক ক্ষেত্রখনৰ এটি চিনাকি নাম শৈলেন কুমাৰ নাথ আৰু নাই । বিশিষ্ট নাট্যকাৰ, পৰিচালক, সমালোচক তথা প্রবীণ সাংবাদিকগৰাকীয়ে বৃহস্পতিবাৰে পুৱা সাত বজাত ৭৫ বছৰ বয়সত বাহনা ধৌৱাপুখুৰীৰ নিজা বাসগৃহতে মৃত্যুক সাবটি লয় । পুৱা হঠাৎ সাংস্কৃতিক কর্মীগৰাকীয়ে কিছু অসুস্থ অনুভৱ কৰাত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ আনিবলৈ যো-জা কৰোঁতেই তেওঁৰ মৃত্যু হয় ।

নাথৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অলেখ গুণমুগ্ধৰ লগতে নাট্যকাৰ পৰিচালক দেৱব্ৰত মহন্ত, ধৌৱাপুখুৰী মহিলা সমিতি আৰু বহুকেইটা অনুষ্ঠান-প্রতিষ্ঠানে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে । উল্লেখ্য যে ১৯৪৯ চনৰ ১৯ জানুৱাৰীত গোলাঘাট জিলাৰ ঢেকীয়ালত জন্মগ্ৰহণ কৰা নাথৰ পিতৃৰ নাম প্ৰয়াত নোমল নাথ, আৰু মাতৃৰ নাম প্ৰয়াত অনদা নাথ ।

'সাপ্তাহিক বর্তমান' নামৰ অধুনালুপ্ত কাকতখনৰ মুখ্য সম্পাদক হিচাপে কার্যনির্বাহ কৰা নাথে ঢেকিয়ালতে প্রাথমিক বিদ্যালয়ত শিক্ষাজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত ঢেকিয়াল হাইস্কুলৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হয় । যোৰহাটত স্নাতক ডিগ্রী গ্ৰহণ কৰা নাথে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পৰৱৰ্তী সময়ত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰে ।

এগৰাকী ঔপন্যাসিক হিচাপেও উল্লেখনীয় স্বাক্ষৰ বহন কৰা শৈলেন কুমাৰ নাথে ৰূপাইৰ ঘাটৰ ৰূপকথা, বুকুত এজাক ধুমুহা নামৰ দুখন উপন্যাস ৰচনা কৰাৰ উপৰি গোলোক ধামৰ ৰহস্য নামৰ এখন উপন্যাস অনুবাদ কৰিছিল । তেওঁ ৰচনা কৰা পূর্ণাংগ নাটসমূহ হ'ল তৃষ্ণা, এদিন হঠাৎ, কালৰো কাল, সুৱাগপুৰত এনিশা ইত্যাদি । একাংকিকা নাটসমূহ হ'ল বিহুৰে বিৰিণা পাত, ভাইৰাচ ।

গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ জৰিয়তে প্রকাশিত তেওঁৰ একমাত্র নাটকখন হ'ল 'নাটক নাটক লাগে' । 'গণপতিৰ হাঁহি' নাটকখন পৰিচালনাৰ জৰিয়তে নাটক পৰিচালনা আৰম্ভ কৰা শৈলেন কুমাৰ নাথৰ পৰিচালিত নাটকসমূহ হ'ল তৃষ্ণা, আইপিচি ৩৭৯, কাৰেঙৰ লিগিৰি, ৰূপালীম, চুপ, আদালত চলি আছে, শকুনিৰ প্রতিশোধ, এনিমি অব দা পিপো'ল, এজাক শিয়ালৰ আৰাও আদি ।

'গণপতিৰ হাঁহি' নামৰ নাটকখনত অভিনয় কৰি ১৯৮২-১৯৮৪ বর্ষৰ ভিতৰত একেৰাহে তিনিবাৰকৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰা অভিনেতাগৰাকীয়ে ২৫ খনৰো অধিক ডিডিঅ' ছবিৰ চিত্রনাট্য লিখাৰ উপৰি পৰিচালনা কৰিছিল । তেওঁ পৰিচালনা কৰা উল্লেখযোগ্য ছবিবোৰ হ'ল পুলিচ নম্বৰ-১, তেজীমলা, তীখৰ আৰু চুটিবাই, সাবিত্রী সত্যৱান, নুমলীয়া পো, চাউলপুৰীয়া, কেনেপালা ডার্লিং, হামাৰ সোণামণি ইত্যাদি ।

চলচ্চিত্র পৰিচালক চন্দ্র নাৰায়ণ বৰুৱাৰ বহুকেইখন তথ্যচিত্র পৰিচালনাত তেওঁ সহকাৰী পৰিচালক হিচাপে দায়িত্ব পালন কৰিছিল । বিশেষকৈ যোৰহাট নগৰৰ ২০০ বছৰ পূর্তি উপলক্ষে গুৱাহাটী দূৰদর্শনৰ বাবে নির্মিত আৰু অসমৰ প্রাথমিক শিক্ষা ব্যৱস্থাক লৈ নির্মাণ কৰা তথ্যচিত্রসমূহত তেওঁ সহকাৰী পৰিচালক হিচাপে দায়িত্ব পালন কৰিছিল । দুপৰীয়ালৈ তৰাজান শ্মশানত নাট্যকাৰগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

তৰাজান শ্মশানতে যোৰহাট থিয়েটাৰ, তৰাজান সন্মিলন,নেপথ্য যোৰহাট, সূৰুয ড্ৰামা প্ৰডাকশ্যন, বিশিষ্ট সমাজকৰ্মী শান্তনু পূজাৰী, যোৰহাট প্ৰেছ ক্লাব, জেইল ৰোড ক্লাব যোৰহাট, অংকুৰ কলা কৃষ্টি কেন্দ্ৰ, বালিগাঁও নাট্য মন্দিৰ, বনমালি কলা-কৃষ্টি কেন্দ্ৰ কৰঙা, হাঁহি, ধৌৱাপুখুৰী নামঘৰ , শিল্প, আকাশবাণী যোৰহাট, যোৰহাট নাট্যবিদ্যালয়ৰ লগতে অসংখ্য ব্যক্তি বিশেষে তৰাজান শ্মশানত ব্যক্তিগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

সাংস্কৃতিক কর্মীগৰাকীৰ মৃত্যুত যোৰহাট থিয়েটাৰ, যোৰহাট জিলা সাহিত্য সভা, যোৰহাট সাহিত্য মঞ্চ, যোৰহাট জিলা কবি সন্মিলন, যোৰহাট প্রেছ ক্লাব, উত্তৰ-পশ্চিম যোৰহাট কবি সন্মিলন আদি অনুষ্ঠান-প্রতিষ্ঠানৰ লগতে যোৰহাটৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামী, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে গভীৰ শোক প্রকাশ কৰে । মৃত্যুৰ সময়ত তেওঁৰ পত্নী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰিঞ্জুমনি বৰুৱা, একমাত্ৰ পুত্র তথা 'দৈনিক অসম'ৰ সাংবাদিক অনিবেসন বৰুৱা,বোৱাৰী তথা কবি-সাংবাদিক সংগীতা বৰা বৰুৱাকে ধৰি এটি বৃহৎ পৰিয়াল এৰি থৈ গৈছে ।

লগতে পঢ়ক:পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন ছাত্ৰ নেতা, বৰপেটাৰ প্ৰাক্তন পৌৰপতি মুকুল দাস - Senior AGP leader passes away

ৰঙিয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক সশ্ৰদ্ধ স্মৰণ - TRIBUTE TO THANESWAR BORO

অসম আন্দোলনৰ নিৰ্যাতিত ছাত্ৰনেতা, প্ৰাক্তন পৌৰপতি মুকুল দাসৰ মৃত্যু

ABOUT THE AUTHOR

...view details