অসম

assam

ETV Bharat / state

গোলাঘাটত অনা-অসমীয়া ব্যৱসায়ীৰ দাদাগিৰি; সকীয়নি স্থানীয় সংগঠনৰ - NON ASSAMESE BUSINESSMEN ATTACK

গোলাঘাটত স্থানীয় যুৱকৰ ওপৰত অনা-অসমীয়া ব্যৱসায়ীৰ আক্ৰমণক লৈ তীব্ৰ উত্তেজনা অব্যাহত আছে ।

Non Assamese businessmen attack
গোলাঘাটত অনা-অসমীয়া ব্যৱসায়ীৰ দাদাগিৰি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 10:12 AM IST

গোলাঘাট : শিৱসাগৰৰ পাছত গোলাঘাটত এইবাৰ জাতীয় সংগঠনৰ নেতা অনা-অসমীয়াৰ আক্ৰমণৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । গোলাঘাট নগৰৰ হোটেল অভিনন্দনত আয়োজন কৰা এক সংবাদমেলৰ জৰিয়তে বহুকেইটা জাতীয় সংগঠনৰ নেতাই এই গুৰুতৰ অভিযোগ উত্থাপন কৰি গোলাঘাটত অনা-অসমীয়া ব্যৱসায়ীৰ প্ৰভুত্ব কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ দিয়ে ।

কি আছিল ঘটনা ?

যোৱা ১ ডিচেম্বৰৰ নিশা গোলাঘাট নগৰৰ এৰেঙাপাৰাত অনা-অসমীয়া ব্যৱসায়ী ক্ৰমে অনিমেষ চাহু আৰু অভিষেক চাহুৱে জাতীয় সংগ্ৰামী সেনা, অসমৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মানৱ গগৈক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

গোলাঘাটত অনা-অসমীয়া ব্যৱসায়ীৰ দাদাগিৰি (ETV Bharat)

ঘটনাৰ চিচিটিভি কেমেৰাৰ ভিডিঅ' প্ৰদৰ্শনৰ কৰি মানৱ গগৈয়ে সাংবাদিকক কয়, "১ ডিচেম্বৰত গোলাঘাটৰ এৰেঙাপাৰাৰ এখন হোটেলত মই সামগ্ৰী ক্ৰয় কৰি থকা অৱস্থাতে দুজনমান অনা-অসমীয়া লোক আহি মোক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে । সেই দুজন হ'ল অভিষেক চাহু আৰু অনিমেষ চাহু । সেই দুজনে আহি কোনোধৰণৰ কথাৰ অৱতাৰণা নকৰি যধে-মধে প্ৰহাৰ কৰে । মই কোনো কৰ্মচাৰীক দাবী ধমকি দিয়া নাই । যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে অসম চেম্বাৰ্চ অৱ কমাৰ্চ, ইউনাইটেড চেম্বাৰ্চ অৱ কমাৰ্চ আৰু গোলাঘাটৰ ব্যৱসায়ীসকলে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৷ কিন্তু মোৰ ওচৰত সম্পূৰ্ণ তথ্য আছে যে কোনে মাৰপিট কৰিছে । ইয়াৰ উপৰিও উক্ত দিনা মোক মাৰপিট কৰাৰ বাবে গোলাঘাট সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিলো আৰু বিপৰীত পক্ষৰ পৰা মোৰ ওপৰত গোচৰ ৰুজু কৰে আৰু তাৰ পাছত দুই পক্ষৰ মাজত বুজাবুজি হ'ল ।"

গোলাঘাটৰ ব্যৱসায়ী সংগঠনক প্ৰশ্ন কৰি ভুক্তভোগী মানৱ ডেকাই কয়, "সেই সময়ত ব্যৱসায়ী সন্থা আমাৰ লগত আছিল নেকি সেইয়া আমাৰ প্ৰশ্ন । কিন্তু উক্ত ঘটনাৰ দুদিন পাৰ হোৱাৰ পাছত ছেম্বাৰ্চ অৱ কমাৰ্চ, ইউনাইটেড ছেম্বাৰ্চ অৱ কমাৰ্চ একগোট হৈ নগৰৰ সকলো ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এজন অনা-অসমীয়া ব্যৱসায়ীক মাৰপিট কৰাৰ অভিযোগত তেওঁলোকে এই সিদ্ধান্ত লৈছে কিন্তু আমি কোনো কাৰণতে মাৰপিট কৰা নাই ।’’

AJYCP ৰ প্ৰতিক্ৰিয়া

ইফালে এই সমগ্ৰ ঘটনাৰ বিৰুদ্ধে সৰৱ হৈছে অসমৰ কেইবাটাও জাতীয় সংগঠন । অনা-অসমীয়াৰ বিৰুদ্ধে সৰৱ হৈ সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক নিপন গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "গোলাঘাট নগৰৰ মাজমজিয়াত যি ঘটনা সংঘটিত হৈছে তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছো । আচলতে গোটেই বিষয়টোত আমি মানৱ গগৈক দোষী বুলি ভাবিছিলো ৷ কিন্তু আজি এটা ভিডিঅ'ই সকলো কথা স্পষ্ট কৰিছে । দুজন অনা-অসমীয়া ব্যৱসায়ীয়ে এগৰাকী সংগঠনৰ দায়িত্বশীল পদবীত থকা ব্যক্তি মানৱ গগৈক এখন দোকানত তেনেধৰণে মাৰপিট কৰি প্ৰাণে মৰাৰ ভাবুকিৰে দোকানৰ পৰা চোঁচৰাই লৈ গৈছিল । এই কথা কোনো এজন অসমীয়া আৰু মই এটা সংগঠনৰ কৰ্মী হৈ ঘৰত বহি থাকিব পৰা নাই ।"

এই সমগ্ৰ বিষয়টো থানাত নিষ্পত্তি হ'ল যদিও তাৰ পাছতে ছেম্বাৰ্চ অৱ কমাৰ্চে গোলাঘাটত বুধবাৰে ১২ ঘণ্টীয়া বন্ধ দিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, "আমাৰ কথা হ'ল গোলাঘাট ছেম্বাৰ্চ অৱ কমাৰ্চে কোনটো সমস্যাৰ বিৰুদ্ধে মাত মাতিছে । গোলাঘাটত উন্নয়নৰ নামত গছ-গছনি কাটি তহিলং কৰিছে আজিলৈকে মাত মাতিছেনে ?‌ সততে সংগঠন বুলি ক'লে এটা কথা আহে যে চান্দাজীৱী, কিন্তু এটা কথা হ'ল যে এটা ৰাজহুৱা অনুষ্ঠান পৰিচালনা কৰিবলৈ দান-বৰঙণি তুলি কাম কৰিব লগা হয় ৷ কিন্তু তাৰ সুযোগ গ্ৰহণ কৰি গোলাঘাট বন্ধ দি এটা পৰিৱেশ বিনষ্ট কৰাৰ যি পৰিকল্পনা কৰিছে সেয়া দুৰ্ভাগ্যজনক । এটা কথা স্পষ্ট কৰিব বিচাৰো যে আমি ১৫ টা সংগঠন একগোট হৈ এটা কথা জনাব খোজো যে অতি সোনকালে এই বন্ধ উঠাই লওক নহ'লে অনাগত দিনত পৰিস্থিতি বেয়া হ'লে তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব ।"

নেতাজনে আৰু কয়, "আমি সকলোৱে গোলাঘাটত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ লোকে ঐক্যবদ্ধভাৱে বিভিন্ন কাম-কাজ চলাই গৈছো । কিন্তু কেইজনমান সুবিধাবাদী ব্যক্তি আৰু দুই এজন মাটিৰ দালালে এই প্ৰক্ৰিয়াৰ মাজত সোমাই গোলাঘাটক উত্তপ্ত কৰিব বিচাৰিছে সেইটো মানি লোৱা নহ'ব ।"

এটা ব্যৱসায়ী সন্থাৰ বহু দায়িত্ব আছে কিন্তু সেই দায়িত্ব তেওঁলোকে পালন কৰিছে নে বুলি প্ৰশ্ন উত্থাপন কৰে নেতাজনে । ইফালে জাতীয় সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাই তেওঁলোকেৰ সংগঠনৰ নেতাৰ ওপৰত অনা -অসমীয়া ব্যৱসায়ীয়ে আক্ৰমণ কৰা ঘটনাক কোনো কাৰণতে মানি লোৱা নহ'ব আৰু বিচাৰ হ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে পঢ়ক :বাংলাদেশক পুনৰ ভাৰতে ঘূৰাই লোৱাৰ দাবীত উত্তাল লখিমপুৰ

ABOUT THE AUTHOR

...view details