গুৱাহাটী, 27 জুলাই :বিমান যাত্ৰীৰ বাবে সুখবৰ ৷ বিশেষকৈ ৰাজ্যখনৰ যোৰহাট আৰু ইয়াৰ নিকটৱৰ্তী জিলাবাসীৰ বাবে ই এটা ভাল খবৰ ৷ যোৰহাট আৰু দিল্লীৰ মাজত পুনৰ আৰম্ভ হ’ব বিমান সেৱা । স্মৰ্তব্য যে, যোৰহাট আৰু দিল্লীৰ মাজত বৰ্তমান পৰ্যন্ত কোনো পোনপটীয়া বিমান সেৱাৰ ব্যৱস্থা নাছিল ।
উল্লেখযোগ্য যে, এই বিষয়টোক লৈ যোৰহাটৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে বিগত 1 জুলাইত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুক সাক্ষাৎ কৰিছিল । কেন্দ্ৰীয় মন্ত্ৰীজনক সাক্ষাতকালত সাংসদগৰাকীয়ে মন্ত্ৰীগৰাকীক শীঘ্ৰে যোৰহাট-দিল্লীৰ মাজত বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাইছিল ৷
সাংসদ গৌৰৱ গগৈয়ে যোৰহাট -দিল্লীৰ মাজত বিমান সেৱা পুনৰ আৰম্ভ হ’লে ইয়াৰ ফলত এই অঞ্চলৰ ৰাইজৰ দিল্লী ভ্ৰমণৰ নামত অধিক সময় অপব্যয় নহ’ব বুলি লিখিতভাৱে জনাইছিল । সমান্তৰালভাৱে ইয়াৰ ফলত বিমান টিকটৰ বাবেও অত্যাধিক ভাড়া দিবলগীয়া নহ’ব বুলি কয় গগৈয়ে । শিক্ষাৰ্থী, ৰোগী, ব্যৱসায়ী, পৰ্যটন উদ্যোগৰো যথেষ্ট সকাহ হ’ব । সেয়েহে মন্ত্ৰীগৰাকীক বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ বিশেষভাৱে অনুৰোধ জনাইছে সাংসদ গৌৰৱ গগৈয়ে ।