গুৱাহাটী:গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক নৃশংস ঘটনা । অত্যধিক সুৰাপান কৰাৰ ফলত সৃষ্টি হোৱা কাজিয়াৰ পৰিণতিত ভাগিনীয়েকে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে মোমায়েকক । মৃত লোকজন হৈছে ২ নং মঠঘৰীয়া নিবাসী উদয় ৰায় চৌধুৰী । বৃহস্পতিবাৰে মাজনিশা গুৱাহাটীৰ মঠঘৰীয়াৰ সংহতি পথ অঞ্চলত সংঘটিত হৈছে এই ঘটনা ।
জানিব পৰামতে আন দিনাৰ দৰে ঘটনাৰ দিনাও নিশা একেলগে সুৰাপান কৰিছিল মঠঘৰীয়াৰ দূৰ সম্পৰ্কীয় ভাগিনীয়েক নৱজিত বসুমতাৰী আৰু মোমায়েক উদয় ৰায় চৌধুৰীয়ে । নিশা প্ৰায় ৯ মান বজালৈ একেলগে হাঁহি মাতি আছিল দুই মোমায়েক-ভাগিনীয়েক । তাৰ পিছত দুয়োজনে ওচৰৰ সুৰা বিপনীৰ পৰা মদ ক্ৰয় কৰে আৰু উদয় ৰায় চৌধুৰীৰ ঘৰত সুৰাৰ পাৰ্টী কৰে ।
কিন্তু সুৰাপান কৰাৰ পিছত মাতাল হৈ পৰি দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় । পৰৱৰ্তী সময়ত সেই কাজিয়াই ভয়ংকৰ ৰূপ লয় । খঙৰ ভমকত সুৰাৰ ৰাগীত মাতাল নৱজিতে এডাল কাঠৰ বাটামেৰে উদয় ৰায় চৌধুৰীৰ মূৰত আঘাত কৰে । লগে লগে মজিয়াত ঢলি পৰে উদয় ৰায় চৌধুৰী । নিশাৰ ভাগত এই ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশৰ মাজতে উদয় ৰায় চৌধুৰীৰ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া লোক ওলাই আহি তেজেৰে লুতুৰি-পুতুৰি হৈ মাটিত পৰি থকা অৱস্থাত উদয় ৰায় চৌধুৰীক প্ৰত্যক্ষ কৰে ।
পিছত স্থানীয় লোকে ততালিকে নুনমাটি আৰক্ষীক খবৰ দিয়ে । কিছু সময়ৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মূমুৰ্ষ অৱস্থাত উদয়ক উদ্ধাৰ কৰে । আনহাতে এই ঘটনা সংঘটিত কৰি সেই স্থানৰ পৰা পলায়ন কৰে নৱজিত বসুমতাৰীয়ে । আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত উদয় ৰায় চৌধুৰীক পৰিয়ালৰ লোকে ততালিকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাই যদিও শুকুৰবাৰে পুৱা প্ৰায় ৫ মান বজাত উদয়ৰ মৃত্যু হয় । ইতিমধ্যে নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ঘটনাৰ মূল অভিযুক্ত ৰাজাক । সম্প্ৰতি নুনমাটি থানাৰ লকআপত থকা ৰাজাক মাৰাথন জেৰা চলাই আছে আৰক্ষীয়ে ।