ডিমা হাছাও : অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছ'ৰ কয়লাখনিত এতিয়াও ৮ জন শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে । যাৰ বাবে শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে । এন ডি আৰ এফ, স্থানীয় প্ৰশাসন আৰু নৌসেনা বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । তাৰ অংশ হিচাপে বুধবাৰৰ পৰা খনিৰ ভিতৰৰ পানী নিষ্কাশনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।
পানী নিষ্কাষনৰ প্ৰক্ৰিয়া অব্যাহত
এনডিআৰএফৰ প্ৰথম বেটেলিয়নৰ কমাণ্ডেণ্ট এইচপিএছ কান্দাৰীয়ে কয় যে স্থানটোৰ পৰা পানী নিষ্কাশন কৰিবলৈ দুটা পাম্প ব্যৱহাৰ কৰা হৈছে । তেওঁ নিশ্চিত কৰে যে প্ৰক্ৰিয়াটো নিশালৈ চলিব আৰু পানী নিষ্কাশন হোৱাৰ পিছত মেনুৱেল অনুসন্ধান আৰম্ভ হ'ব ।
সংবাদ মাধ্যমৰ সন্মুখত কান্দাৰীয়ে কয়, "পানী নিষ্কাশনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে, তেওঁলোকে দুটা পাম্প ব্যৱহাৰ কৰি আছে: এটাৰে ইতিমধ্যে পানী নিষ্কাশন কৰি থকা হৈছে আৰু আনটোও আৰম্ভ হৈছে । এই প্ৰক্ৰিয়াটো নিশালৈ চলিব। পানী সিঁচাৰ পিছত...আমি ভিতৰলৈ যাব পাৰিম আৰু মেনুৱেল অনুসন্ধান কৰিব পাৰিম ।"
ইফালে বুধবাৰে অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) হৰমিত সিঙে সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰে । সেই সময়ত তেওঁ কয়, "শ্বাফ্টৰ তলত এটা মৃতদেহ উদ্ধাৰ হৈছে । মঙলবাৰে পানী অতি অস্পষ্ট আছিল । গতিকে উদ্ধাৰকাৰী দলে একো দেখা পোৱা নাছিল । সেয়েহে আজি ৪ জন ডুবাৰু, এন ডি আৰ এফ আৰু সেনাৰ ডুবাৰু তলত নামি গৈছিল । তেওঁলোকে শ্বাফ্টৰ তলৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । এতিয়া সকলো ফালৰ পৰা সুৰংগ নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছে ।"
উল্লেখ্য যে, উদ্ধাৰকাৰী দলে যথেষ্ট প্ৰত্যাহ্বানৰো সন্মুখীন হোৱা দেখা গৈছে । কয়লাখনিত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ লগে লগে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হয় ৷ বিগত দিনকেইটাত ধাৰাসাৰ বৰষুণৰ ফলত কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান স্থগিত ৰাখিবলগীয়াও হৈছিল । অৱশ্যে বৃহস্পতিবাৰে পুনৰ ভাৰতীয় সেনা, অসম ৰাইফলছ, এন ডি আৰ এফ, এছ ডি আৰ এফৰ দলে অভিযান আৰম্ভ কৰিছে ৷
লগতে পঢ়ক :সুকলমে উভতি আহিবনে ! উৎকণ্ঠাৰ মাজতে চতুৰ্থ দিনাও অব্যাহত উদ্ধাৰ অভিযান - ASSAM COAL MINE TRAGEDY