অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় একতা দিৱস; সৰুসজাইত ৰাষ্ট্ৰীয় একতা দৌৰ উদ্বোধন কৰি লৌহ মানৱক স্মৰণ সৰ্বানন্দ সোণোৱালৰ - NATIONAL UNITY DAY 2024

ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি মহানগৰীত আয়োজন কৰা হয় 'একতাৰ দৌৰ' কাৰ্যসূচী । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে এই অনুষ্ঠান ৷

National Unity Day in Guwahati
একতাৰ দৌৰৰ ফ্লেগ-অফ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 1:59 PM IST

গুৱাহাটী :৩১ অক্টোবৰৰ দিনটো প্ৰতিবছৰে দেশত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰা হয় । ভাৰতৰ লৌহ মানৱ খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে অক্টোবৰ মাহৰ ৩১ তাৰিখটো ৰাষ্ট্ৰীয় একতা দিৱসৰূপে উদযাপন কৰি অহা হৈছে । অৱশ্যে দীপাৱলী আৰু কালীপূজাৰ পৰিপ্ৰেক্ষিতত এইবাৰ এই দিৱসটো ২৯ অক্টোবৰ, মঙলবাৰে উদযাপন কৰা হৈছে ।

চৰ্দাৰ বল্লভভাই পেটেল আছিল দেশৰ প্ৰথমগৰাকী উপ-প্ৰধানমন্ত্ৰী তথা প্ৰথমগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰী । ১৯৪৭ চনৰ পৰা ১৯৫০ চনলৈ গৃহমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা পেটেল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা । তেওঁ দেশৰ স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ উপৰি দেশৰ একতা আৰু সংহতি ৰক্ষাৰ বাবেও যথেষ্ট অৱদান আগবঢ়াইছিল ।

ইয়াৰ বাবেই এইগৰাকী বৰেণ্য নেতাক সশ্ৰদ্ধ সোঁৱৰণ তথা সন্মান জনোৱাৰ অৰ্থে ৩১ অক্টোবৰ জন্মদিনটো সমগ্ৰ দেশে একতা আৰু সংহতিৰ বাবে ৰাষ্ট্ৰীয় একতা দিৱসৰূপে পালন কৰি আহিছে । কিন্তু এইবাৰ দীপাৱলীৰ বাবে প্ৰধানমন্ত্ৰীৰ অনুৰোধত সমগ্ৰ দেশজুৰি দুদিন পূৰ্বে উদযাপিত কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস ।

দৌৰৰ অংশগ্ৰহণকাৰীসকলৰ মাজত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

আনহাতে, দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মঙলবাৰে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামতো ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগত আয়োজিত কৰা হয় 'একতাৰ দৌৰ' কাৰ্যসূচী ।

এই অনুষ্ঠানত উপস্থিত থাকি একতাৰ দৌৰ কাৰ্যসূচীৰ ফ্লেগ-অফ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই কাৰ্যসূচী উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "চৰ্দাৰজীৰ মহান আদৰ্শক সাৰোগত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ যি মূলমন্ত্ৰেৰে দেশৰ প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰাক সবল ৰূপত আগুৱাই নিয়াৰ লগতে ভাৰতৰত্ন চৰ্দাৰজীৰ অম্লান কৰ্মৰাজিয়ে দেশবাসীক সদায়েই অনুপ্ৰাণিত কৰি যাব ।"

অনুষ্ঠানত উপস্থিত সৰ্বানন্দ সোণোৱাল, কেশৱ মহন্ত, বিজুলী কলিতা মেধি আদি (ETV Bharat Assam)

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক :৩১ অক্টোবৰৰ পৰিৱৰ্তে এইবছৰ ২৯ অক্টোবৰত কিয় পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱসৰ 'একতাৰ বাবে দৌৰ’ ?
লগতে পঢ়ক :ৰাষ্ট্ৰীয় একতাৰ হকে দৌৰিবলৈ কাজিৰঙাত পুৱাই ওলাই আহিল বহুজন

ABOUT THE AUTHOR

...view details