নলবাৰী, 19 ফেব্ৰুৱাৰী : নলবাৰীৰ সাতকটৰাৰ যুৱতী অপহৰণকাণ্ডৰ নতুন মোৰ ৷ এগৰাকী মুছলমান যুৱকে এগৰাকী যুৱতীক অপহৰণ কৰাৰ অভিযোগ উঠিছিল ৷ এই ঘটনাক লৈ নলবাৰী সদৰ থানাত প্ৰতিবাদ সাব্যস্ত কৰিছিল হিন্দুত্ববাদী সংগঠনে ৷ ঘটনাৰ তদন্তকাৰী বিষয়াকো কৰ্তব্যত গাফিলতি কৰাৰ অপৰাধত নিলম্বন কৰা হৈছিল ৷ অজ্ঞাত স্থানৰ পৰা যুৱতীগৰাকীয়ে স্পষ্টীকৰণো দিছিল যুৱতী গৰাকীয়ে ৷
আজি সামাজিক মাধ্যমত স্পষ্টীকৰণ দিয়াৰ পিচতেই যুৱকজনৰ ঘৰৰ পৰাই উদ্ধাৰ কৰা হ’ল যুৱতী গৰাকীক ৷ ইছলাম ধৰ্মাৱলম্বী যুৱকজনৰ সৈতে থকা প্ৰেমৰ কথা স্বীকাৰ কৰিলে যুৱতী গৰাকীয়ে ৷ ইফালে এই ঘটনাক লৈ নলবাৰী সদৰ আৰক্ষী থানা ঘেৰাও কৰি হিন্দুত্ববাদী সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বিত হৈছিল টি এছ আই ৰুমী ঠাকুৰীয়া ৷ উদ্ধাৰ হোৱাৰ পিচতো আজি যুৱতী গৰাকীক পুনৰ সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতিতেই থকা দেখা গল ৷ ঘৰলৈ ঘূৰি যাবলৈ অস্বীকাৰ কৰে যুৱতী গৰাকীয়ে ৷ ইছলাম ধৰ্মাৱলম্বী যুৱকজনৰ সৈতেই থাকিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে যুৱতী গৰাকীয়ে ৷