নলবাৰী, 12 আগষ্ট :আজিৰে পৰা দিনৰ ভাগত ডাম্পাৰ, ট্ৰেক্টৰ চলোৱাসকল সাৰি নাযাব ৷ ডাম্পাৰ, ট্ৰেক্টৰ চালকক সাৱধানবাণী শুনালে জিলা আয়ুক্তই ৷ ৰাইজে কিমান আৰু সহিব ডাম্পাৰ, ট্ৰেক্টৰৰ অতপালি ৷
ডাম্পাৰ আৰু ট্ৰেক্টৰৰ বিৰুদ্ধে কিমান অভিযোগ দিব ৰাইজ তথা দল-সংগঠনে ৷ ৰাজপথসমূহ ৰাইজৰ বাবে নহয় যেন ডাম্পাৰ আৰু ট্ৰেক্টৰৰ বাবেহে বনাইছে ৷ ডাম্পাৰ আৰু ট্ৰেক্টৰৰ দৈৰাত্ম্যৰ বাবে এটাৰ পিচত আনটো দুৰ্ঘটনাই নলবাৰী জিলাত প্ৰাণ লৈছে নিৰীহ লোকৰ ৷ দিনৰ ভাগতে এতিয়া জিলাখনৰ ৰাজপথত যমদূত সদৃশ হৈ পৰিছে ডাম্পাৰ-ট্ৰেক্টৰ ৷
ৰাইজে বাৰম্বাৰ দিয়া এই অভিযোগক অতদিনে জিলা প্ৰশাসনে কিদৰে গুৰুত্ব আৰোপ কৰি আহিছিল সেয়া দুৰ্ঘটনা সমূহেই প্ৰতিপন্ন কৰে ৷ আজি নলবাৰী চহৰৰ গণেশ মন্দিৰ চ'কত ডাম্পাৰে এগৰাকী ছাত্ৰীৰ প্ৰাণ লোৱাৰ পিছত ক্ষোভিত ৰাইজে সমগ্ৰ নলবাৰী চহৰ স্তব্ধ কৰাতহে গা লৰিল জিলা প্ৰশাসনৰ ৷ ঘটনা অনুসৰি কলেজলৈ গৈ থকা অৱস্থাত ডাম্পাৰৰ চকা দেহৰ ওপৰেৰে উঠাই নিয়াত থিতাতে মৃত্যুক আকোঁৱালি লয় জিলাখনৰ বৰকটলাকুছি গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে ৷ এই ঘটনাৰ পিছতে নলবাৰীৰ মাজেৰে যোৱা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু ফলত ৰাষ্ট্ৰীয় ঘাইপথ বহু সময় আবদ্ধ হৈ পৰে ৷