অসম

assam

ETV Bharat / state

আকৌ বিতৰ্কত ডি চি বৰ্ণালী ডেকা; চি জে এম আদালতে দিলে গোচৰ দাখিলৰ নিৰ্দেশ - DC VARNALI DEKA

মানসিকভাৱে হাৰাশাস্তি চলাই অহাৰ অভিযোগ উত্থাপনৰ পিচতো জিলা আয়ুক্তৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ নলবাৰী সদৰ আৰক্ষী থানাত কিয় পঞ্জীয়ন হোৱা নাছিল ?

Varnali Deka
Varnali Deka (FILE PHOTO)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 11:40 AM IST

নলবাৰী:নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ আদালতৰ । যোৱা ৭ মে'ত লোকসভা নিৰ্বাচনৰ দিনা নিশা নলবাৰীৰ ইভিএম কক্ষ তথা ষ্ট্ৰং ৰুমত জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ আৰু তেতিয়াৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পণা শৰ্মাৰ মাজত হোৱা সংঘাতৰ ঘটনাই পুনৰ চৰ্চা লাভ কৰিছে । কাৰণ এইবাৰ আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ দিলে মুখ্য় ন্য়ায়িক দণ্ডাধীশৰ আদালতে ।

উল্লেখ্য় যে যোৱা ৭ মে'ত লোকসভা নিৰ্বাচনৰ দিনা নিশা নলবাৰীৰ ইভিএম কক্ষ তথা ষ্ট্ৰং ৰুমত জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ লগত তেতিয়াৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পণা শৰ্মাৰ কথাৰ কটাকটি হৈছিল । ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে জিলা আয়ুক্তৰ বিৰুদ্ধে নিশায়েই নলবাৰী সদৰ আৰক্ষী থানাত এক গোচৰ তৰিছিল যদিও পিচলৈ আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন নকৰা বাবে চক্ৰ বিষয়া অৰ্পণা শৰ্মাই আদালতত আবেদন জনাইছিল ৷

অৰ্পণা শৰ্মাৰ আবেদনৰ ভিত্তিত মুখ্য় ন্য়ায়িক দণ্ডাধীশৰ আদালতে সংশ্লিষ্ট আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ দিয়ে । উল্লেখ্য় যে লোকসভা নিৰ্বাচনৰ কিছুদিন পিচতেই নিৰ্বাচনৰ কামত গাফিলতি কৰাৰ অভিযোগত চক্ৰ বিষয়া অৰ্পণা শৰ্মাক চাকৰিৰ পৰা নিলম্বন কৰা হয় । তেতিয়াৰ চক্ৰ বিষয়া তথা এগৰাকী নিৰ্বাচনী সহায়িকা বিষয়াৰ দায়িত্বত থকা অৰ্পণা শৰ্মা নিৰ্বাচনী কাম-কাজত গাফিলতিৰ অভিযোগত নিলম্বিত হোৱাৰ পিছতে আৰক্ষীৰ শীৰ্ষ পৰ্যায়লৈকে ঘটনাটো অৱগত কৰাব খুজিছিল । কিন্ত কোনো ধৰনৰ আশাৰ ফল নেদেখি আদালতৰ ওচৰ চাপিছিল অৰ্পণা শৰ্মাই ।

অৱশেষত যোৱা ৪ নৱেম্বৰত নলবাৰীৰ মুখ্য় ন্য়ায়িক দণ্ডাধীশৰ আদালতে অৰ্পণা শৰ্মাৰ গোচৰটো আৰক্ষীক পঞ্জীয়ন কৰাৰ নিৰ্দেশ দিয়ে । আদালতে লগতে সমগ্ৰ ঘটনাটো সঠিক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে । যোৱা মে' মাহৰে ঘটনা আৰু নৱেম্বৰ মাহলৈ কিয় আৰক্ষীয়ে পঞ্জীয়ন নকৰাকৈ ৰাখিলে তাক লৈও জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

উল্লেখ্য় যে তেতিয়াৰ নিৰ্বাচনী সহায়িকা বিষয়াৰ দায়িত্বত থকা বৰ্তমান নিলম্বিত চক্ৰ বিষয়া অৰ্পণা শৰ্মাই মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰি এখন চাৰি পৃষ্ঠা জোৰা এজাহাৰ দাখিল কৰিছিল । জিলা আয়ুক্ত বৰ্ণালী ডেকা আৰু অৰ্পণা শৰ্মাৰ কথাৰ কটাকটি হৈ অৰ্পণা শৰ্মাক আয়ুক্ত তথা আই এছ বিষয়াগৰাকীয়ে ভয় ভাবুকি পৰ্যন্ত দিয়াৰো অভিযোগ উত্থাপিত হৈছিল ।

তাৰ পিচত নিশাটোৰ ভিতৰতেই অৰ্থাৎ ৮ মে'ৰ নিশা ২.০৯ বজাত নলবাৰী সদৰ আৰক্ষী থানাত চাৰি পৃষ্ঠাৰ এজাহাৰ দাখিল কৰিছিল অৰ্পণা শৰ্মাই । কিন্তু গোচৰটো সন্দৰ্ভত আজিকোপতি আৰক্ষীৰ পৰা তেওঁ কোনো সঁহাৰি পোৱা নাছিল । যাৰ পৰিপ্ৰেক্ষিতত আদালতৰ ওচৰ চাপিবলৈ বাধ্য হয় অৰ্পণা শৰ্মা ।

স্বাভাৱিকতে এতিয়া আদালতৰ নিৰ্দেশৰ পিচত আৰক্ষীয়ে হয়তো গোচৰটো পঞ্জীয়ন কৰিব । কিন্ত আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া কি ধৰণে আগুৱাই নিব তাৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব । লক্ষণীয় হ'ব আই এছ বিষয়াগৰাকী সঁচা আছিল নে অভিযোগকাৰী নিলম্বিত বিষয়া অৰ্পণা শৰ্মা সঁচা আছিল । কিয়নো সেইদিনাৰ দুই বিষয়াৰ কথাৰ কটাকটি দুয়োগৰাকী বিষয়াৰ নিজৰ নিজ মোবাইলেৰে ৰেকৰ্ডিং কৰি থোৱা বুলিও চৰ্চা হৈছে ।

লগতে পঢ়ক:চক্ৰ বিষয়াক মানসিক হাৰাশাস্তিৰ অভিযোগ, নলবাৰী জিলা আয়ুক্তৰ বিৰুদ্ধে এজাহাৰ - fir against DC

ষ্ট্ৰং ৰূমৰ নিৰাপত্তা সন্দৰ্ভত নিশা দেৰিলৈকে সোধ-পোছ গৃহ বিভাগৰ মুখ্য সচিবৰ - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details