যোৰহাট:অসম-নাগালেণ্ড সীমান্তত পুনৰ তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ আশংকা প্ৰকট হৈ উঠিছে । বিগত সময়ত নাগাই অবৈধভাৱে অসমৰ ভূমি দখল কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । এইবাৰ মৰিয়নীৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ বনভূমি ধ্বংস কৰি বেদখল কৰাৰ বাবে আগবাঢ়ি আহিছে একাংশ নগালোক । ইয়াকে লৈ সীমান্তবাসী শংকিত হোৱাৰ পিচতো নীৰৱ অসম চৰকাৰ তথা জিলা প্ৰশাসন ।
যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি অবাধে ভূমি দখলক কেন্দ্ৰ কৰি সীমান্তত সম্প্ৰতি তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । তিৰুহিলছ সংৰক্ষিত বনাঞ্চল দখল কৰাৰ সমান্তৰালভাৱে সীমান্তৰ ৰজাবাৰীত নগাই চলাইছে বেদখল ।
উল্লেখ্য় যে নাগালেণ্ডৰ ইয়া চাং চি বস্তিৰ নগাই অসমৰ তিৰুহিলছ বনাঞ্চলৰ সেউজ বনভূমি এফাল পৰা ধ্বংস কৰি ইখন পিছত সিখনকৈ ৰবৰ বাগান আৰু চাহ বাগিচা স্থাপন কৰিছে । ইয়াৰ পিছতো নগাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত থমকি ৰৈছে যোৰহাট জিলা প্ৰশাসন ।
নগা বেদখল বিৰুদ্ধে আন্দোলনৰ হুংকাৰ :
মৰিয়নী ছেলেংহাট আঞ্চলিক ছাত্র সন্থাৰ এজন বিষয়ববীয়াই এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "নগাই অসমৰ বনাঞ্চলৰ ভূমি দখলতে ক্ষান্ত নাথাকি অস্ত্ৰ-শস্ত্ৰৰ ভয়-ভাবুকি দেখুৱাই সীমান্তৰ বহুকেইটা পৰিয়ালৰ ৰাজহ মাটিতো চলাইছে বেদখলৰ চেষ্টা । বেদখলকাৰীয়ে অসমৰ ভূমিত অৱস্থান কৰাৰ পিছতো অসমৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । নিমাত হৈ আছে প্ৰশাসন । নগাৰ এনে ৰণচালিয়ে সীমান্তবাসী অসমীয়াৰ জীৱন-জীৱিকাৰ প্ৰতি সংশয় নমাই অনাত নিৰাপত্তাহীনতাত ভুগিবলগা হৈছে । সেয়ে এই ক্ষেত্ৰত অসমৰ প্ৰশাসনে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ছাত্র সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ।"