নগাঁও,১৩ আগষ্ট:৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশজুৰি চলিছে ব্যাপক প্ৰস্তুতি । দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰ নগাঁও জিলাতো তুংগত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি । স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ত্ৰিৰংগা উৰুৱাই উলিওৱা এক বাইক ৰেলীয়ে মঙলবাৰে নগাঁৱত বিৰাজ কৰে এক উখল-মাখল পৰিৱেশ ।
মঙলবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা পৰিবহণ বিভাগৰ সহযোগত হৰ ঘৰ ত্রিৰংগা অভিযানৰ লগত সংগতি ৰাখি ডিমৰুগুৰি জিলা পৰিবহন বিষয়া তথা সচিব, আঞ্চলিক পৰিবহন প্ৰাধিকাৰী কাৰ্যালয়ৰ পৰা উলিওৱা হয় এক বিশাল বাইক ৰেলী । এই বাইক ৰেলীৰ ফ্লেগ অফ কৰে নগাঁও, বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।
এই অনুষ্ঠানত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা উন্নয়ন আয়ুক্ত গুনজিত কাশ্যপ, অতিৰিক্ত আয়ুক্ত শৌভিক ভূঞা, জিলা পৰিবহণ বিষয়া গৌতম কুমাৰ দাস, সমাজকৰ্মী তথা নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ, নগাঁও জিলা আৰক্ষী, নগাঁও আৰক্ষীৰ যান বাহন শাখা, জিলাৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় দল-সংগঠনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ।