সৰুপথাৰ:অসমৰ মাটিত থকা ONGC তৈল খাদত এইবাৰ নগা প্ৰশাসনৰ চকু । অসম-নাগালেণ্ড সীমান্তৰ অসমৰ ভূমিত থকা তৈল খাদ বন্ধ কৰিবলৈ দাবী জনালে নাগালেণ্ড প্ৰশাসনে । নগা সীমান্ত দণ্ডাধীশ নিজে তৈল খাদত উপস্থিত হৈ ভাবুকি প্ৰদান ONGC ৰ বিষয়া-কৰ্মচাৰীক । অসম নাগালেণ্ড সীমান্তৰ সৰুপথাৰ সমজিলাৰ ONGC ৰ খুৰাঘাট, হালধিবাৰী আদি তৈল খাদত উপস্থিত হৈ উৎপাদন বন্ধৰ দাবী কৰিলে নগা প্ৰশাসনৰ ৰালাং মহকুমাৰ সীমান্ত দণ্ডাধীশে ।
তৈল খাদত নগা আৰক্ষীসহ উপস্থিত হৈ ভাবুকি নগা সীমান্ত দণ্ডাধীশৰ । অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত অৱস্থিত ONGC ৰ কেইবাটাও তৈল খাদত এনে দৰে নগা সীমান্ত দণ্ডাধীশ, নগা আৰক্ষীসহ উপস্থিত হৈ চি আৰ পি এফ, চি আই এছ এফৰ উপস্থিতিতে অসমৰ মাটিত থকা তৈল খাদত উৎপাদন বন্ধ কৰাৰ দাবী জনালে নগা প্ৰশাসনৰ ৰালাং মহকুমাৰ BM য়ে ।
উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত চলিত বৰ্ষৰ জানুৱাৰী মাহত নগা দুৰ্বৃত্তৰ সন্ত্ৰাসক লৈ সমগ্ৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী সৰুপথাৰ সম জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ বি চেক্টৰৰ হালধিবাৰী লাচিত গাঁও পঞ্চায়তৰ অন্তৰ্গত হালধিবাৰী বামচুকত খাৰুৱা তেলৰ সন্ধানত ONGC য়ে এটা ড্ৰিলিং চাইড স্থাপন কৰিছিল ।
প্ৰায় ৫ মাহ পূৰ্বে নতুনকৈ স্থাপন কৰা উক্ত তৈলখাদটোত নগা দুৰ্বৃত্তই বৃহৎ পৰিমাণৰ ধন দাবী কৰা বুলি অভিযোগ উঠিছিল । যাৰ পৰিপ্ৰেক্ষিতত ড্ৰিলিঙৰ কাম আৰম্ভ কৰাৰ পূৰ্বেই উক্ত স্থানৰ পৰা ৰিগটো স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে ONGC কৰ্তৃপক্ষই । সমগ্ৰ বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল হালধিবাৰী লাচিত আঞ্চলিক গাঁওপ্ৰধান সন্থাৰ সম্পাদক তথা ডিমৰুজান গাঁৱৰ গাঁওবুঢ়া মনু কোঁৱৰে ।