কোকৰাঝাৰ, ২১ এপ্ৰিল :শেহতীয়াকৈ জাতিগত প্ৰমাণ পত্ৰক লৈ বিতৰ্কত থকা কোকৰাঝাৰৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বাবে আন এক হতাশাজনক খবৰ । তৃতীয়বাৰৰ বাবে সাংসদ হোৱাৰ সপোন পূৰণ নোহোৱাৰ দিশে নৱ কুমাৰ শৰণীয়াৰ ! দেওবাৰে নিৰ্বাচনী বিষয়াই খাৰিজ কৰিলে নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন । কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এই কথা প্ৰকাশ কৰে । লগে লগে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে ।
শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰ ভুৱা বুলি এক ৰায়দানত উল্লেখ কৰিছিল । তেওঁ বড়ো-কছাৰী নহয় বুলি প্ৰমাণিত হৈছিল । অসম চৰকাৰে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ জাতিগত নিৰীক্ষণ কমিটীয়ে নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰখন যোৱা ১২ জানুৱাৰীত বাতিল কৰিছিল । নৱ শৰণীয়াই অসম চৰকাৰৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । তাৰ পিচত কমিটীখনেও আদালতৰ কাষ চাপিছিল ।
ইফালে আদালতৰ ৰায়ৰ পিচত নৱ কুমাৰ শৰণীয়াই মনোনয়নৰ সৈতে ৰাভা জনগোষ্ঠীৰ অনুসূচিত জনজাতিৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল । কিন্তু অৱশেষত পুনৰীক্ষণৰ পিচত খাৰিজ হ'ল শৰণীয়াৰ মনোনয়ন ।