অসম

assam

ETV Bharat / state

সোণাৰি জিলা আদালতৰ চৌহদত বিস্ফোৰণ - MYSTERIOUS BLAST IN SONARI

চৰাইদেউৰ সোণাৰিত জিলা আদালতৰ চৌহদত ৰহস্যজনক বিস্ফোৰণ । বিস্ফোৰণত আহত এজন ।

Mysterious blast in Sonari district court premises
আদালতৰ চৌহদত ৰহস্যজনক বিস্ফোৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 21, 2025, 5:40 PM IST

Updated : Jan 21, 2025, 5:48 PM IST

ডিব্ৰুগড়: সমাগত গণৰাজ্য দিৱস । গণৰাজ্য দিৱস শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰিবলৈ আৰক্ষী, প্ৰশাসন চলাইছে ব্যাপক প্ৰস্তুতি । ইয়াৰ মাজতে ঐতিহাসিক চৰাইদেউৰ সোণাৰিত জিলা আদালতৰ চৌহদত সংঘটিত হয় এক ৰহস্যজনক বিস্ফোৰণ । এই ঘটনাত আহত হয় এজন আদালতৰ কৰ্মচাৰী । মঙলবাৰে বিয়লি চৰাইদেউৰ ন্যায়িক আদালতৰ চৌহদত হোৱা এটা প্ৰচণ্ড শব্দই সমগ্ৰ অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তোলে ।

জানিব পৰা অনুসৰি আদালতৰ কিছুমান অপ্ৰয়োজনীয় কাগজ-পত্ৰ আৰু অন্যান্য বস্তু আদালতত নিয়োজিত বিষয়াই জ্বলাই থকা অৱস্থাত প্ৰচণ্ড শব্দই গোটেই অঞ্চলটো কঁপাই তোলে । প্ৰথম সৰু সৰুকৈ দুবাৰ শব্দ হোৱা পাছতে ৰহস্যজনকভাৱে প্ৰচণ্ড শব্দই কঁপাই গ'ল সোণাৰি । কি শব্দই গোটেই অঞ্চলটো কঁপাই তুলিলে সেই কথা পোহৰলৈ অহা নাই ।

আদালতৰ চৌহদত ৰহস্যজনক বিস্ফোৰণ (ETV Bharat Assam)

উক্ত শব্দ হোৱা স্থানত বহু সংখ্যক ঠাইৰ ঘাঁহ-বন জ্বলি ছাঁই হৈ যায় । জুই জ্বলোৱা ঠাইত কোনো বিস্ফোৰক সামগ্ৰী থকা বুলি সন্দেহ কৰিছে । ঘটনাটোত নিচান দাস নামৰ উকীল সংস্থাত কৰ্মৰত এজন অস্থায়ী কৰ্মচাৰী আহত হৈছে । আহত ব্যক্তিজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ঘটনাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ।

ইয়াৰ পিছতে সোণাৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰণৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে । কিন্তু আদালতৰ চৌহদত হোৱা এই বিস্ফোৰণৰ ঘটনাই চিন্তিত কৰিছে ৰাইজক ।

ঘটনা লৈ কি কয় উকীল সন্থাই:

জিলা আদালতৰ চৌহদত ৰহস্যজনক বিস্ফোৰণ ঘটাক লৈ চিন্তিত হৈছে উকীল সন্থা । উকীল সন্থাৰ বিষয়ববীয়াই কয়, "আদালতৰ কাম চলি থকা সময়ত আমি কিছু সৰু সৰু শব্দ প্ৰথম শুনিবলৈ পাইছিলো যদিও পাছত প্ৰচণ্ড শব্দ হয় । যি শব্দই গোটেই অঞ্চল কঁপাই তোলে । লগে লগে আদালতৰ চৌহদত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ।

তেওঁ লগতে কয়, "অলাগতীয়াল কাগজ-পত্ৰ আৰু অপ্ৰয়োজনীয় সামগ্ৰী জ্বলাই থকা অৱস্থাত এই প্ৰচণ্ড শব্দ কেনেকৈ হ'ল জানিব পৰা হোৱা নাই । চিলিণ্ডাৰ বিস্ফোৰণ হ'লে যি ধৰণৰ শব্দ হয় তেনে শব্দ হৈছিল । পেলনীয়া সামগ্ৰীখিনিৰ মাজত বিস্ফোৰক সামগ্ৰী থাকিব পাৰে বুলি সকলোৱে অনুমান কৰিছে । এই ঘটনাত এজন আহত হোৱাৰ লগতে আদালতৰ গৃহ ক্ষতি হৈছে ৷ এই ঘটনাৰ তদন্ত হ’ব লাগে ।"

লগতে পঢ়ক:আৰক্ষীৰ বিৰুদ্ধে অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগত উত্তাল মৰাণ, ঘাইপথ অৱৰোধ - PIG SLAUGHTER CONTROVERSY

৫ ধৰ্ষণকাৰীক জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ড - LIFE IMPRISONMENT

Last Updated : Jan 21, 2025, 5:48 PM IST

ABOUT THE AUTHOR

...view details