অসম

assam

ETV Bharat / state

মোৰ ফাৰ্ষ্ট প্ৰায়'ৰিটী সদায় উজনি অসম: কিয় ক'লে পীযুষ হাজৰীকাই ? - Pijush Hazarika visits Dibrugarh - PIJUSH HAZARIKA VISITS DIBRUGARH

Pijush Hazarika visits Dibrugarh: উজনি অসম, নামনি অসমক লৈ বিতৰ্ক চলি থকাৰ মাজতে পীযুষ হাজৰীকাই ক'লে তেওঁৰ বাবে সদায় ফাৰ্ষ্ট প্ৰায়'ৰিটী উজনি অসম । খহনীয়া অঞ্চল পৰিদৰ্শনৰ সময়তে এই মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে । কিন্তু কিয় তেওঁ এনেদৰে ক'লে ?

Pijush Hazarika visits Dibrugarh
মোৰ ফাৰ্ষ্ট প্ৰায়'ৰিটী সদায় উজনি অসম (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 6:29 PM IST

মৰাণ,১৩ জুন :সম্প্ৰতি উজনি আৰু নামনি অসম সন্দৰ্ভত ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলি আছে । লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচতে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই উজনি অসম, নামনি অসমৰ বিতৰ্কৰ সৃষ্টি কৰিছিল । তেতিয়াৰে পৰা এই বিষয়টোৱে সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰিছে । নামনি অসমৰ নেতাই উজনিত প্ৰচাৰ চলোৱাৰ বাবে‌ বিজেপিয়ে যোৰহাটত জয়লাভ কৰিব পৰা নাই বুলিও ৰাজ্যৰ ৰাজনীতিত বিতৰ্ক আৰম্ভ হৈছিল । এনে চৰ্চাৰ মাজতে এইবাৰ অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ মুখত শুনা গ'ল মধ্য-উজনি অসমৰ প্ৰসংগ ।

মোৰ ফাৰ্ষ্ট প্ৰায়'ৰিটী সদায় উজনি অসম (ETV Bharat)

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত চাবুৱাৰ বিন্ধাকটা অঞ্চলত খহনীয়া পৰিদৰ্শন কৰাৰ সময়তে মন্ত্ৰী পীযুষ হাজৰীকাই এই মন্তব্য কৰে । খহনীয়া পৰিদৰ্শনৰ সময়ত জলসম্পদ বিভাগৰ বিষয়াৰ পৰা কামৰ খতিয়ান লৈ মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ মধ্য অসমৰ হৈয়ো সদায়ে উজনি অসমৰ বাবে চিন্তা কৰে । মন্ত্ৰীগৰাকীয়ে কয়,"মোৰ ফাৰ্ষ্ট প্ৰায়'ৰিটী সদায় উজনি অসম ।" ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ এনে মন্তব্যই ৰাজনৈতিক মহলত পুনৰ কেনে ধৰণৰ প্ৰভাৱ পেলাই সেয়াহে লক্ষণীয় হ'ব ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পিচতে খহনীয়া প্ৰতিৰোধ আৰু মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰ তৎপৰ হৈ পৰা দেখা গৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা খহনীয়া খোদ মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰিছে । তাৰ অংশ হিচাপে পুৱাই ডিব্ৰুগড়ত উপস্থিত হয় মন্ত্ৰীগৰাকী । তেওঁ বহুকেইটা স্থানত হৈ থকা খহনীয়া পৰিদৰ্শন কৰে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্ম গাঁৱৰ খহনীয়া অঞ্চলো পীযুষ হাজৰীকাই পৰিদৰ্শন কৰে ।

সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশতে তেওঁ বিন্ধাকটা অঞ্চল পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ কাম-কাজৰ বুজ লয় । উক্ত অঞ্চলত খহনীয়াৰ সমস্যা শীঘ্ৰে সমাধান কৰা হ'ব বুলিও তেওঁ উপস্থিত ৰাইজক আশ্বাস দিয়ে । পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে চাবুৱা আৰু লাহোৱালৰ বিধায়ক ক্ৰমে পোনাকণ বৰুৱা আৰু বিনোদ হাজৰিকাই । এই সময়ত জলসম্পদ বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়াও উপস্থিত থাকে ।

লগতে পঢ়ক :নাৱেৰে নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - Pijush Hazarika Dibrugarh visit

ABOUT THE AUTHOR

...view details