অসম

assam

ETV Bharat / state

ৰুষ্ট প্ৰকৃতিয়ে দিশহাৰা কৰিছে মুগাপালকক - Muga Farmers Condition

Hailstorm Affects Muga Farming: প্ৰকৃতিয়ে স্বপ্ন-ভগ্ন কৰিলে মুগা খেতিয়কক ৷ শ-শ মুগা-পলু মৃত্যু । শিলাবৃষ্টিয়ে এইবাৰ বিস্তৰ ক্ষতিসাধন কৰে মুগা পালকৰ । যাৰ পৰিপ্ৰেক্ষিতত দিশহাৰা হৈ পৰে মুগা পালক ।

By ETV Bharat Assamese Team

Published : May 4, 2024, 5:25 PM IST

Muga farmers in severe condition as fifty thousand muga dies after hailstorm in Dhemaji
ৰুষ্ট প্ৰকৃতিয়ে দিশহাৰা কৰিছে মুগাপালকক (Etv Bharat Assam)

ৰুষ্ট প্ৰকৃতিয়ে দিশহাৰা কৰিছে মুগাপালকক (Etv Bharat Assam)

ধেমাজি, ৪ মে': ৰুষ্ট প্ৰকৃতিৰ কবলত পৰি দিশহাৰা হৈছে সৰ্বসাধাৰণ চহা খেতিয়কৰ পৰিয়াল ৷ চলিত মাহৰ ২ তাৰিখে হোৱা প্ৰৱল বতাহ শিল বৰষুণে ধেমাজি মাছখোৱা অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে ৷ বিশেষকৈ মাছখোৱা চৌখাম গাঁও , যোৰকটা, বৰাজান অঞ্চলত প্ৰকৃতিয়ে ত্ৰাসৰ সৃষ্টি কৰি শিলাবৃষ্টিয়ে ঘৰ চাল ফুটাই গছ-গছনি, শাক-পাচলি অনিষ্ট কৰাৰ লগতে চুমনি বাৰীত লগোৱা হাজাৰ হাজাৰ মুগা মৃত্যুমুখত পৰে ।

ফলত অতি কষ্টেৰে গাঁঠিৰ ধন ভাঙি চোম গছত মুগা পালন কৰা চহা মুগা খেতিয়কসকলে মূৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এইক্ষেত্ৰত মাছখোৱা ১নং বৰাজানৰ দিলীপ দত্ত নামৰ মুগা খেতিয়কজনৰ কেইবাহাজাৰ মুগা পলু শিল-বৰষুণে নিঃশেষ কৰে । চুমনি বাৰীত আহি মৃত মুগা পলুসমূহ আঁতৰাই চিন্তিত হৈ পৰিছে তেওঁ ৷

তেওঁ গভীৰ দুখেৰে জনাই যে মুগা খেতিকে একমাত্ৰ জীৱিকাৰ সম্বল হিচাপে কষ্ট কৰি আহিছিল যদিও এতিয়া আশাত চেঁচাপানী পৰিল । লগতে উদ্বেগ প্ৰকাশ কৰি কয় যে শেহতীয়াকৈ অবাধে বৃদ্ধি পোৱা চাহৰ বাগানসমূহে ওচৰৰ মুগা খেতিলৈ ভয়ংকৰভাৱে বিপদ কঢ়িয়াই আনিছে ৷ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে মুগাৰ উৎপাদন ৷ কিন্ত তাৰ মাজতে প্ৰকৃতিয়ে বিস্তৰ ক্ষতি কৰাত আৰু অধিক বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷

আনহাতে মুগা খেতিয়কৰ কামত নহা বিয়াগোম ৰেচম বিভাগটোকো তীব্ৰ সমালোচনা কৰে তেওঁ ৷ উল্লেখ্য যে সোণালী সূঁতাৰ উৎপাদনত অসমৰ ভিতৰতে অন্যতম জিলা ধেমাজি আৰু ধেমাজিৰ ভিতৰতে অধিক উৎপাদন মুগা খেতিৰ বাবে বিখ্যাত ঠাই আছিল মাছখোৱা ৷ পিছে পৰিতাপৰ বিষয় যে বাঢ়ি অহা চাহবাগান আৰু প্ৰকৃতিয়ে মহা বিপদত পেলাই আহিছে মুগা পালকসকলক ৷ কিন্তু এইক্ষেত্ৰত ৰজাঘৰীয়াৰ কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক:এৰাবাৰীত পৰিণত বৰাহীবাৰী মুগা সঁচ উন্নয়ন প্ৰকল্প

ABOUT THE AUTHOR

...view details