গোলাঘাট, ৫ জুন:যোৰহাটত বিপুল ভোটত জয়ী হোৱা কংগ্ৰেছৰ গৌৰৱ গগৈক প্ৰশংসা কৰি শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিচতেই পুনৰ শাসকীয় দলটোৰ নেতাৰ মাজতেই আৰম্ভ হৈছে বাকযুদ্ধ । মৃণাল শইকীয়াই বিজেপিৰ বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনোৱাৰ পৰিৱৰ্তে গৌৰৱ গগৈক প্ৰশংসাৰে উপচাই দিয়াত বিধায়কগৰাকীৰ বিৰুদ্ধে মঙলবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এইবাৰ মুখ্য়মন্ত্ৰীক উভতি ধৰি বিধায়কগৰাকীয়ে কোনো কাৰণতে বিজেপি দল ত্যাগ নকৰে বুলি হুংকাৰ দিয়ে ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অন্য দলত মৃণাল শইকীয়াই যোগদান কৰাৰ সম্ভাৱনা আছে বাবেই এনে মন্তব্য কৰিছে বুলি কোৱাৰ পিচতেই প্ৰত্য়ুত্তৰ দিলে বিধায়কগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সোঁৱে-বাঁৱে থকা লোকসকলৰ উচতনিৰ বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰিছে বুলি তেওঁ কয় ৷ গৌৰৱ গগৈক সামাজিক মাধ্যমত শুভেচ্ছা জনোৱাৰ পিছতেই সামাজিক মাধ্যমত বিধায়কগৰাকী প্ৰসংগত যথেষ্ট তোলপাৰ লগাইছিল অসমৰ ৰাজনীতিত । বিধায়ক মৃণাল শইকীয়াই এই প্ৰসংগত কয়," বিৰোধী হ’ল বুলিয়েই যে কোনোবা শত্ৰু হ’ব সেয়া নহয় ।"
তৰুণ গগৈৰ পৰিয়ালৰ লগত বিধায়কগৰাকীৰ সম্পৰ্ক এতিয়াৰ নহয় ৷ ১৯৯৮ চনতেই তেতিয়াৰ কলিয়াবৰ লোকসভা সমষ্টিত তৰুণ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিধায়ক মৃণাল শইকীয়াই ৷ তেতিয়াৰ পৰাই তৰুণ গগৈৰ পৰিয়ালৰ সৈতে সুসম্পৰ্ক থকাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ গৌৰৱ গগৈক শুভেচ্ছা জনোৱাটো তেনেই সাধাৰণ কথা বুলি উল্লেখ কৰি বিধায়ক মৃণাল শইকীয়াই কয়," এইবাৰ ৰঙা লাইটৰ উৎপাতত যোৰহাটবাসী ৰাইজ অতিষ্ঠ হৈছিল ।"