অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ পদত্য়াগৰ দাবী প্ৰদ্যুৎ বৰদলৈৰ - PRADYUT BORDOLOI SLAMS BJP

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বিৰুদ্ধে সৰৱ প্ৰদ্যুৎ বৰদলৈ । সাংসদগৰাকীৰ বিজেপিৰ বিৰুদ্ধে বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ ।

Pradyut Bordoloi press Meet
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 10 hours ago

নগাঁও :"ভাৰতীয় সংবিধানৰ ওপৰত এতিয়া আক্ৰমণ আৰম্ভ কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে । সংবিধান সংশোধন কৰাৰ পৰিকল্পনাৰেই বিগত লোকসভা নিৰ্বাচনত চাৰিশ আসন লাভৰ অংকৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল ।" এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । সোমবাৰে নগাঁও জিলা ৰাজীৱ ভৱনত এক সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদগৰাকী ।

বিজেপিৰ নেপথ্যত থকা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মতেই বিজেপি চৰাকৰে এতিয়া ভাৰতীয় সংবিধানৰ ওপৰত আক্ৰমণ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়,"ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰা হৈছে । ভাৰতীয় সংবিধানেই হৈছে দেশৰ চালিকা শক্তি । দেশত নৰেন্দ্ৰ মোদী নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছৰ পৰাই ভাৰতীয় সংবিধানৰ ওপৰত আক্ৰমণ আৰম্ভ হোৱা বাবেই কংগ্ৰেছ দলে সংসদত সংবিধানৰ ৭৫ বছৰীয়া উপলক্ষে এক বিশেষ আলোচনা হোৱাটো বিচাৰিছিল ।"

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল (ETV Bharat Assam)

সাংসদগৰাকীয়ে পুনৰ কয়," বিজেপিৰ নেপথ্যত থকা আৰ এছ এছে ভাৰতীয় সংবিধানক কেতিয়াও স্বীকৃতি দিয়া নাছিল । ১৯২৫ চনত জন্মগ্ৰহণ কৰা আৰ এছ এছে ধৰ্মৰ ভিত্তিত দেশ বিভাজন বিচাৰিছিল । একেদৰে মুছলিম লীগেও একেই দাবী কৰিছিল ।"

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰে পৰা সংবিধানৰ ওপৰত আক্ৰমণ আৰম্ভ কৰা চৰকাৰে বিগত লোকসভা নিৰ্বাচনত একমাত্ৰ সংবিধান সংশোধন কৰাৰ উদ্দেশ্যেই দুই তৃতীয়াংশ আসন দখলৰ লক্ষ্যৰে চাৰি শ পাৰ শ্লোগানেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছিল বুলিও সাংসদগৰাকীয়ে মন্তব্য় কৰে । ভাৰতীয় সংবিধান ৰচোতা ড৹ বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ । বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰো দাবী কৰে সাংসদগৰাকীয়ে ।

বিৰোধী ঐক্যৰ মিত্ৰতাৰ পোষকতা :

ইপিনে, অসমত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যৰ মিত্ৰতাৰো পোষকতা কৰি বিৰোধী দলৰ নেতাক এৰা-ধৰা নীতি গ্ৰহণ কৰিবলৈয়ো আহ্বান জনায় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । অৱশ্যে বিৰোধী ঐক্যৰ মিত্ৰতা পঞ্চায়ত নিৰ্বাচনত হ'ব নে বিধানসভা নিৰ্বাচনত হ'ব সেয়া নিশ্চিতকৈ ক'ব নোৱাৰে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ।

লগতে পঢ়ক:প্ৰতিবাদত মৃত্যু, মানৱ অধিকাৰ আয়োগত গোচৰ কংগ্ৰেছৰ - HUMAN RIGHTS COMMISSION

মুখ্যমন্ত্ৰী হৈয়েই থাকিবগৈ নে হিমন্ত বিশ্ব শৰ্মা ! সন্দেহ উপজিছে গৌৰৱ গগৈৰ - GAURAV GOGOI SLAMS CM HIMANTA

ABOUT THE AUTHOR

...view details