ETV Bharat / state

বিদায়ী বছৰটোত অসমত বাঘৰ আক্ৰমণত কিমানজনৰ মৃত্যু হ'ল ? - YEARENDER 2024

২০২৪ বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত বাঘৰ আক্ৰমণৰ কেইবাটাও ঘটনা সংঘটিত হয় । এই সন্দৰ্ভত তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন ।

Assam tiger attack case 2024
বাঘৰ মুক্ত বিচৰণ (Picture credit Burhachapori WLS camera trapping)
author img

By ETV Bharat Assamese Team

Published : Dec 23, 2024, 8:01 PM IST

তেজপুৰ : ২০২৪ বৰ্ষটো বিদায় ক্ষণত উপনীত হৈছে । এই বৰ্ষটোত ইতিবাচক-নেতিবাচক বিভিন্ন ঘটনা প্ৰৱাহ সাক্ষী হৈছে অসমবাসী । ইয়াৰে মাজৰ এটা অন্যতম ঘটনা আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঘৰ সন্ত্ৰাস তথা আক্ৰমণৰ ঘটনা । এই বাঘৰ আক্ৰমণত ৰাজ্যৰ কেইবাগৰাকীও সোকে প্ৰাণ হেৰুৱাবলগা হয় ।

অসমত ২০২৪ বৰ্ষত বাঘৰ আক্ৰমণত ৩ জন লোকৰ মৃত্যু আৰু এক ডজন গুৰুতৰভাৱে আহত হয় । হাতী-মানুহৰ সংঘাতৰ পাছত এতিয়া বাঘ আৰু মানুহৰ সংঘাত আৰম্ভ হৈছে অসমত । আনহাতে, কলিয়াবৰৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ দাঁতিকাষৰীয়া ১৩ নম্বৰ বাগানৰ সমীপত সন্ত্ৰাস চলোৱা নৰখাদকটোক ধৰিবলৈ বন বিভাগে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ।

এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষে ইটিভি ভাৰতক জনায়, "বন বিভাগে বাঘটো কৰায়ত্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব । ইতিমধ্যে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ লগত বিষয়টো আলোচনা কৰিছে ।"

Assam tiger attack case 2024
বাঘ ধৰিবৰ বাবে পিঞ্জৰা স্থাপন (ETV Bharat Assam)

ঘোষে লগতে কয়," বিষয়টো মুখ্য বন সংৰক্ষণ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা পৰ্যালোচনা কৰি আছে । বাঘটো ঠিক নৰখাদক নহয় । কাৰণ বাঘটোৱে বনাঞ্চলৰ ভিতৰতহে আক্ৰমণ কৰিছে, বাহিৰত নহয় ।" ইয়াৰ বিপৰীতে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই বাঘটো নৰখাদক বুলি দেওবাৰে সংবাদ মাধ্যমক কয় ।

ডব্লিউ ডব্লিউ এফৰ সমন্বয়ক তথা বাঘৰ বিশেষজ্ঞ শোণিত কুমাৰ দাসে ইটিভি ভাৰতক কয়," বাঘটোৱে ইতিমধ্যে মানুহৰ ৰক্ত অৰ্থাৎ মাংস ভক্ষণ কৰিছে । গতিকে বাঘটোৰ পৰা সাৱধান হোৱা বেছি প্ৰয়োজন ।"

তেওঁ কয়, "বাঘে এবাৰত ৫-৬ কেজি মাংস ভক্ষণ কৰে আৰু যদি চিকাৰ কৰে সেই চিকাৰ শেষ কৰাৰ ৭ দিনলৈ অন্য কোনো চিকাৰ নকৰে । গতিকে বাঘটো যিমান সোনকালে পাৰি চিনাক্তকৰণ কৰি ধৰিব লাগিব আৰু চিৰিয়াখানাত থোৱাৰ বাহিৰে ইয়াৰ অন্য উপায় নাই ।"

বাঘৰ আক্ৰমণ

চলিত বৰ্ষত অসমত বাঘৰ আক্ৰমণৰ ফলত ৩ জন লোকে প্ৰাণ হেৰুৱাইছে । শোণিত কুমাৰ দাসে কয়, "নগাঁও জিলাৰ লাওখোৱাত বাঘৰ আক্ৰমণত ৮ জন লোক গুৰুতৰভাৱে আহত হয় । পৰৱৰ্তী সময়ত সেই বাঘটো ট্ৰেংকুলাইজ কৰি আনি থকা অৱস্থাত বাঘটোৰ মৃত্যু হয় ।"

Assam tiger attack case 2024
বাঘৰ মুক্ত বিচৰণ (ETV Bharat Assam)

আনহাতে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন প্ৰাধিকাৰী প্রদীপ্ত বৰুৱাই ইটিভি ভাৰতক কয়, "ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এজন বনকৰ্মীক বাঘে কৰ্মৰত অৱস্থাতে লৈ যায় আৰু কৰ্মীজনৰ মৃত্যু হয় । আৰু উদ্যানৰ বাহিৰত এগৰাকী মহিলাৰ সৈতে তিনিজন লোকক আক্ৰমণ কৰে । তাৰে ভিতৰত এজনৰ মৃত্যু হয় আৰু দুজন লোক ৰক্ষা পৰে ।"

আনহাতে, কলিয়াবৰত চলিত বৰ্ষত বাঘৰ আক্ৰমণৰ দুটা ঘটনা সংঘটিত হয় । তাৰে ভিতৰত এজনৰ মৃত্যু হয় আৰু ২২ ডিচেম্বৰত বাঘে খোৱাৰ তথ্য পোহৰলৈ আহে ।

বাঘ আৰু মানুহৰ সংঘাত

ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণপাৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বুঢ়াচাপৰি অভয়াৰণ্যলৈ বাঘৰ মুক্ত বিচৰণস্থলী হোৱাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা কলিয়াবৰত বাঘৰ সংঘাত চলিত বৰ্ষত অধিক হোৱাৰ তথ্য পোহৰলৈ আহিছে । ডব্লিউ ডব্লিউ এফৰ সমন্বয়ক তথা বাঘৰ বিশেষজ্ঞ শোণিত কুমাৰ দাসে কয়, "ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা বাঘে সমীপৱৰ্তী জনাঞ্চলত ভৱিষ্যতে মানুহৰ লগত সংঘাতৰ সৃষ্টি হোৱাৰ আশংকা যথেষ্ট পৰিমাণে বেছি । কিয়নো সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত বাঘৰ সংখ্যা অনুপাতে ওৰাঙৰ পৰিসৰ যথেষ্ট কম ।"

দাসে লগতে কয়, "অসমত বৰ্তমান বাঘৰ সংখ্যা ২০০ টাতকৈ অধিক । তাৰ ভিতৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান বাঘৰ সংখ্যা ২৬ তাতকৈ বেছি । সেই অনুপাতে কোনো বাফাৰ জ'ন নাই । গতিকে বাঘ বাহিৰলৈ ওলালে গাঁও অঞ্চলত প্ৰৱেশ কৰে । একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঘ ওলাই আহি এতিয়া শিলঘাট অঞ্চলত আশ্ৰয় পাতি লৈছে । মানুহে নিজেও সচেতন হ'ব লাগিব ।"

ইয়াৰ উপৰি ওৰাঙৰ ক্ষেত্ৰত যদি সময় থাকোঁতেই ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেনেহ'লে ভৱিষ্যতে ওৰাং বাঘ আৰু মানুহৰ সংঘাতৰ প্ৰধান কাৰণ হৈ পৰিব বুলি দাসে কয় ।

তেওঁ কয়, "অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা ৬০ তাতকৈ বেছি । ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২৬ টাতকৈ বেছি । কাৰণ ওৰাঙৰ পৰা বাঘে বুঢ়াচাপৰি অভয়াৰণ্যত একেটা পথত অৱস্থান কৰে আৰু কাজিৰঙাৰ পৰা বুঢ়াচাপৰিলৈ আহে ।" কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১১০ তাতকৈ বেছি আৰু পাকে টাইগাৰ আৰু নামেৰী সংযোগত ৭ তাতকৈ বেছি বাঘ আছে বুলি দাসে কয় ।

কলিয়াবৰৰ ঘটনা

ডব্লিউ ডব্লিউ এফৰ সমন্বয়ক তথা বাঘ বিশেষজ্ঞ শোণিত কুমাৰ দাসে পুনৰ কয়, "বাঘে এবাৰ মানুহৰ মাংস ভক্ষণ কৰিলে যেতিয়া সি পুনৰ চেষ্টা কৰিব, সেয়া কোনো নতুন কথা নহয় । নৰখাদকৰ দৰে বাঘ অসমত সাধাৰণতে নাই । কিন্তু সুন্দৰবনৰ নিচিনা অঞ্চলত বাঘ নৰখাদক হয় । কিন্তু বাহিৰত আহি সি আক্ৰমণ নকৰে, যি বনাঞ্চললৈ যায় তাকহে আক্ৰমণৰ লক্ষ্য কৰে । কলিয়াবৰৰ এই বাঘটো চিনাক্তকৰণ কৰিবলৈ প্ৰথমে কেমেৰা ট্রেপিং কৰিব লাগিব আৰু পৰৱৰ্তী সময়ত বাঘটো ট্ৰেংকুলাইজ কৰি চিৰিয়াখানা লৈ যোৱাৰ বাহিৰে অন্য ব্যৱস্থা নাই ।"

লগতে পঢ়ক :ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ; বাঘে ভক্ষণ কৰাৰ সন্দেহ - KALIABOR TIGER TERROR
লগতে পঢ়ক :দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণ বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চল - BURA CHAPORI WILDLIFE SANCTUARY
লগতে পঢ়ক :অসমীয়া ভাষাই ধ্রুপদী মর্যাদা লাভৰ পৰা সাহিত্য অকাডেমি বঁটালৈ: এটা উল্লেখযোগ্য বছৰ ২০২৪ - YEARENDER 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.