যোৰহাট,৫ অক্টোবৰ: কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক লৈ সমগ্ৰ ৰাজ্যতে বিজেপিৰ কৰ্মকৰ্তাসকলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । অসমত ছেমি কণ্ডাক্টৰ স্থাপনৰ বিৰোধিতা কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি কৰ্মীসকলে । ইফালে খাৰ্গেৰ মন্তব্যক যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে সাৰপানী যোগোৱাৰ অভিযোগ উত্থাপন কৰে বিজেপিয়ে ।
প্ৰতিক্ৰিয়া অভিযোগ অব্যাহত থকাৰ মাজতে ভাৰতীয় জনতা পাৰ্টিয়ে যোৰহাট ষ্টেডিয়াম সন্মুখৰ পৰা এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে । প্ৰতিবাদকাৰীয়ে কংগ্ৰেছ হায় হায়, গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে যোৰহাটৰ আকাশ-বতাহ কঁপাই তোলে । আনহাতে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয়,"প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰ্যকালত অসমত বৃহৎ উদ্যোগ স্থাপন হৈছে । কিন্তু কংগ্ৰেছ চৰকাৰ কাৰ্যকালত জাগীৰোডকে আদি কৰি অন্যান্য উদ্যোগসমূহ দুনীৰ্তিত নিমজ্জিত হ'ল ।"
লগতে সাংসদ তাছাই কয়,"কংগ্ৰেছৰ কাৰ্যকালত সমগ্ৰ অসমত উগ্ৰপন্থীৰে ভৰি পৰিছিল । এয়া আমি নিজেই দেখা কথা । সেই সময় অৱসানৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইচ্ছা, সদিচ্ছা আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ভুমিকাত ইতিমধ্যে ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে অসমত ছেমি কনডাক্টৰ প্ৰকল্প ভুমি পূজন হৈ গ'ল । কিন্তু অসমত উক্ত প্ৰকল্প হ'ব নালাগে বুলি কংগ্ৰেছৰ সভাপতি মল্লিকা খাৰ্গে পুত্ৰ তথা কৰ্ণাটক বিধানসভা কেন্দ্ৰীয় মন্ত্ৰীয়ে মন্তব্য কৰিছে । এয়া সমালোচনা বাহিৰত ।"