গোলাঘাট, 21 মাৰ্চ :"আমি ৰাইজৰ ওচৰলৈ যাবলৈ সৰু সৰু সভা আয়োজন কৰিছো ৷ সৰু সৰু সভাৰ জৰিয়তে ৰাইজৰ ওচৰলৈ যাবলৈ সুবিধা হয় ৷ ৰাইজ আমাৰ লগত আছে ৷ ৰাইজে লগ দিলে আত্মবিশ্বাস জাগে ৷ আমি ৰাইজৰ পৰা কেতিয়াও বিচ্ছিন্ন হোৱা নাই ৷ কংগ্ৰেছ শূন্য ৷ কংগ্ৰেছ থাকিলেহে ভাল লাগিব ৷ এইবাৰ কংগ্ৰেছ নাই কাৰণে ভাল লগা নাই ৷ কংগ্ৰেছৰ কথা মই নাজানো ৷ কংগ্ৰেছৰ বাবে অসমৰ 13 খন আসন নায়েই ৷ কংগ্ৰেছ আমাৰ বাবে খবৰ ৰাখিবলগা বিষয় নহয় ৷ কংগ্ৰেছৰ কথা মোক নুসুধিব ৷" কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই এইদৰে মন্তব্য প্ৰকাশ কৰে ৷
19 এপ্ৰিলৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন । এই নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে শাসক-বিৰোধী দলসমূহে । বৃহস্পতিবাৰে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই কেইবাখনো সভাত অংশগ্ৰহণ কৰে । খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত সমষ্টিটোত প্ৰচাৰ অভিযান চলাই খুমটাইৰ পৰা সৰ্বাধিক ভোট পোৱাৰ আশা কৰে তাছাই ৷