যোৰহাট:বহু বিতৰ্কৰ মাজত দেওবাৰে ঘোষণা কৰা হয় অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতিৰ লগতে প্ৰধান সম্পাদকৰ নাম । সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল বিশিষ্ট সাহিত্যিক তথা গৱেষক ড৹ বসন্ত কুমাৰ গোস্বামী । তেওঁ ৪০৩ টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হয় ।
৩৭ বছৰ পিছত অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সভাপতি আৰু সম্পাদক হিচাপে যোৰহাট পৰা দুজন ব্যক্তিয়ে আসন শুৱনি কৰিছে । সভাপতি হিচাপে ভাষাবিদ ড৹ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক হিচাপে দেৱজিৎ বৰা নিৰ্বাচিত হয় । মঙলবাৰে সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী ঘৰত উপস্থিত হয় লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । তেওঁ সভাপতিগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ।
ইয়াৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ গৌৰৱ গগৈয়ে কয়, "তেওঁ যি ইচ্ছা আৰু সপোন লৈ আগবাঢ়ি যাব বিচাৰিছে, তেওঁ সেই সপোন পূৰণ হওক, এই যাত্ৰা কালত অসম সাহিত্য সভাৰ প্ৰতি মোৰ সমৰ্থন আৰু সহায় সহযোগিতা ৰাইজৰ প্ৰতিনিধি হিচাপে সদায় থাকিব ।" তেওঁ লগতে কয়, "আমি সংস্কৃত অধ্যয়নত আমি অধিক গুৰুত্ব দিব লাগে, তেতিয়া আমাৰ যুৱপ্ৰজন্মই ভাৰত ইতিহাস সম্পৰ্কে জানিব পাৰিব । লগতে বিজ্ঞানৰ প্ৰতি আমাৰ নৱপ্ৰজন্মক আগুৱাই নিবলৈ হ’লে সংস্কৃত ভাষাই হৈছে উত্তম ।"