অসম

assam

জনজাতিকৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰীক উভতি ধৰিলে গৌৰৱ গগৈয়ে - Demand for Tribal status

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 5:37 PM IST

Protest for Tribal status : অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ সমাধান কেতিয়া হ'ব ? বিগত কেইবা বছৰ ধৰি প্ৰতিখন চৰকাৰে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি অহিছে । ফলাফল নোলালেও কেতিয়াবা যদি কংগ্ৰেছে বিজেপিক আক্ৰমণ কৰিছে, কেতিয়াবা আকৌ বিজেপিয়ে বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ তুলি ৬ জনগোষ্ঠীৰ সমৰ্থন লাভৰ চেষ্টা অব্য়াহত ৰাখিছে ।

Gaurav Gogoi on Tribalization
সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

মৰাণ, ৭ ছেপ্টেম্বৰ: জনজাতিকৰণৰ প্ৰসংগক লৈ এইবাৰ কংগ্ৰেছ-বিজেপিৰ বাকযুদ্ধ । জনজাতিকৰণৰ দাবীত বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো কোনো এখন চৰকাৰে এই বিযয়টোত গুৰুত্ব প্ৰদান কৰা নাই ৷ ইয়াকে লৈ চলিছে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ বাকযুদ্ধ । কংগ্ৰেছৰ ভুলৰ বাবে জনজাতিকৰণ হোৱা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য় কৰাৰ পিছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে ।

সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

শনিবাৰে ডিব্ৰুগড়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীক উভতি ধৰি সাংসদ গৌৰৱ গগৈয়ে কয়," অসমৰ ৰাইজক অপমানিত কৰিব নালাগে মুখ্যমন্ত্রীয়ে, অসমৰ ৰাইজে সকলো কথা জানে । অপপ্ৰচাৰ কৰা ৰাজনীতি বন্ধ কৰক । যদি সঁচাই জনজাতিকৰণ বিচাৰে তেতিয়াহ'লে চৰকাৰে এই ডেৰ বছৰ আছে, এই সময়ত কৰি দেখুৱাওক । বাস্তৱত চৰকাৰৰ কৰিবলৈ ইচ্ছা নাই, সেয়ে তেওঁলোকে দায়িত্ব লোৱাতকৈ নিজৰ ব্যৰ্থতাৰ দোষ কংগ্ৰেছক দিব বিচাৰিছে ।"

সাংসদগৰাকীয়ে পুনৰ কয়," ছমাহৰ ভিতৰত জনজাতি কৰিম বুলি প্ৰধানমন্ত্ৰীয়ে কৈছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইমান দুৰ্বল নে দহ বছৰ আগতে কংগ্ৰেছ দলে লোৱা সিদ্ধান্ত এটাৰ বাবে জনজাতিকৰণ দিব পৰা নাই । সেয়ে অসমৰ ৰাইজে এই বিলাক কথা জানে । মুখ্যমন্ত্রীৰ এই বিলাক কথা বিশ্বাস নকৰে । নিজৰ চকী বচাবলৈ মুখ্যমন্ত্রীয়ে যিকোনো পৰ্যায়লৈ যাব পাৰে । ডেৰ বছৰ আছে, অপপ্ৰচাৰ আৰু মিছা ৰাজনীতি কৰা বাদ দিয়ক ।"

মুখ্যমন্ত্রীয়ে কি কৈছিল ?

ৰাইজৰ প্ৰতিবাদৰ পাছতে শুকুৰবাৰে জনজাতিকৰণক লৈ ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কৈছিল, "প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ দিনত জনজাতিকৰণৰ প্ৰস্তাৱত লিখা আছিল ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰক, কিন্তু পুৰণা জনগোষ্ঠীৰ কোনো ক্ষতি হ'ব নোৱাৰে । এতিয়া পুৰণা জনগোষ্ঠীক ক্ষতি নকৰাকৈ জনজাতিকৰণ সম্ভৱ নহয়।"

লগতে পঢ়ক:৬ জনগোষ্ঠীৰ জনজাতিকৰণ কিয় হোৱা নাই ? - Demand for Tribal status

জনজাতিকৰণ, ভূমি পট্টা, মজুৰি বৃদ্ধিৰ দাবীৰে আছাৰ প্ৰতিবাদ - Protest in Lakhimpur

ABOUT THE AUTHOR

...view details