যোৰহাট, ১৪ মে’:যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুবছৰৰ ভিতৰত স্থাপন কৰা হ'ব অত্যাধুনিক সা-সুবিধাযুক্ত বাৰ্ণ ইউনিট । এই অত্যাধুনিক সা-সুবিধাযুক্ত বাৰ্ণ ইউনিটটো স্থাপন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব চিনামৰা অ' এন জি চি কৰ্তৃপক্ষই । এইবিষয়ে সদৰী কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰে ।
মঙলবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত আয়োজন কৰা এক সংবাদমেলত এইবিষয়ে সদৰী কৰিছে অধ্যক্ষগৰাকীয়ে । অত্যাধুনিক সা-সুবিধাযুক্ত বাৰ্ণ ইউনিটটো স্থাপন কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ আগবাঢ়ি অহা চিনামৰা অ'এন জি চি কৰ্তৃপক্ষ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ মাজত এখন বুজাবুজি চুক্তি সম্পাদন হোৱাৰ বিষয়ে উক্ত সংবাদমেলত ঘোষণা কৰে অধ্যক্ষগৰাকীয়ে ।
আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিনামৰা অ'এন জি চি কৰ্তৃপক্ষৰ মাজত এই সম্পৰ্কত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় । অত্যাধুনিক সা-সুবিধাযুক্ত আৰু উন্নত প্ৰযুক্তি বাৰ্ণ ইউনিটটোৰ আই চি ইউটোত উপলব্ধ হ'ব । চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ৰত্নকান্ত তালুকদাৰে কয় যে ইয়াৰ বাবে ১১.৮৩ কোটি টকা ধাৰ্য কৰা হৈছে । অহা দুবছৰৰ ভিতৰত উক্ত বাৰ্ণ ইউনিটটো ৰাইজৰ সেৱাৰ্থে মুকলি কৰা হ'ব বুলিও কয় অধ্যক্ষগৰাকীয়ে ।