অসম

assam

ETV Bharat / state

মঙলদৈত দুদিনীয়া কাৰ্যসূচীৰে সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা ভাষা দিৱস পালন - Mozammil Haque Memorial Award

Mother Language Day: মঙলদৈত সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা ভাষা দিৱস পালন । বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ইমৰান শ্বাহক ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা প্ৰদান ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Mother Language Day
মঙলদৈত দুদিনীয়া কাৰ্যসূচীৰে সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা ভাষা দিৱস পালন (ETV Bharat)

মঙলদৈ,৭ অক্টোবৰ :১৯৭২ চনৰ মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী ছহিদ মোজাম্মিল হকৰ স্মৃতিত মঙলদৈত দুদিনীয়া কাৰ্যসূচীৰে সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা ভাষা দিৱস আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয় ।

সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা ভাষা দিৱস

সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতিয়ে আন আন জাতীয় সংগঠনৰ সহযোগত জাতীয় বীৰ ছহিদগৰাকীৰ আত্মবলিদানৰ দিনটো ২০০৮ বৰ্ষৰ পৰা 'অসম মাতৃভাষা দিৱস' হিচাপে পালন কৰি আহিছে আৰু ২০২৩ বৰ্ষত ষষ্ঠদশ উদযাপনৰ লগত সংগতি ৰাখি জাতীয় বীৰ ছহিদগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ৰাজ্যিক ভিত্তিত 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা' প্ৰৱৰ্তন কৰে । বিগত বছৰ প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় ।

মঙলদৈত দুদিনীয়া কাৰ্যসূচীৰে সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা ভাষা দিৱস পালন (ETV Bharat)

ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা

এইবাৰ অৰ্থাৎ ২০২৪ বৰ্ষৰ মাতৃভাষা বঁটাৰ বাবে মনোনীত কৰা হৈছে ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ ধাই আলিৰ বিখ্যাত নবাব পৰিয়ালত জন্মগ্ৰহণ কৰা ইমৰান শ্বাহ । যিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই 'বনবাসী' নামৰ কাব্য গ্ৰন্থ ৰচনা কৰি উজ্জ্বল প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল । তাৰ পিছত 'সংগীতৰ সিপাৰে' নামৰ আন এখন গ্ৰন্থ লিখি তেওঁ কম বয়সতে বৌদ্ধিক মহল আৰু সমালোচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । পিয়ামুখচন্দা,পথিক, বন্দী বিহংগে কান্দে, অনমিতা, তথাপি সাগৰ আদিকে ধৰি বিভিন্ন গ্ৰন্থৰ দ্বাৰা ইমৰাণ শ্বাহে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে ।

শিৱসাগৰ কলেজত অধ্যয়নৰ পৰা-অধ্যাপনালৈকে ঈশান দত্ত ছদ্মনামেৰে অনেক গল্প, কবিতা ৰচনাৰে পাঠকৰ অন্তৰত সুকীয়া স্থান দখল কৰা ইমৰান শ্বাহে এতিয়ালৈকে দুই হাজাৰৰো অধিক গল্প ৰচনা কৰি নজিৰ সৃষ্টি কৰিছে । কবি, গীতিকাৰ, গল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰা অসমীয়া সাহিত্যৰ কাণ্ডাৰী শ্বাহে অসমীয়া ভাষা সাহিত্যলৈ যোগোৱা অনবদ্য বৰঙণিৰ বাবে কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁক অসম সাহিত্য সভাৰ সৰ্বোচ্চ আসন সভাপতি পদত অধিষ্ঠিত কৰিছে আৰু তেওঁ ২০১৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত সভাৰ বৰপেটা ৰোড অধিৱেশনত সভাপতিত্ব কৰিছে ।

সাহিত্য অকাদেমি বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক শ্বাহে ২০১০ বৰ্ষত অসম উপত্যকা সাহিত্য বঁটা, ২০২১ বৰ্ষত বৰ অসম সমন্বয় বঁটা লাভ কৰাৰ উপৰিও পদ্মশ্ৰী সন্মানেৰেও সন্মানিত হৈছে । এনে এগৰাকী প্ৰথিতযশা সাহিত্যিকক ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটাৰ বাবে মনোনীত কৰিবলৈ পাই সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ ধন্য হোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ড৹ চহিৰ ভূঞাৰ লগতে আন আন কৰ্মকৰ্তাসকলে ।

সপ্তদশ মাতৃভাষা দিৱসৰ কাৰ্যসূচী অনুসৰি ৫ অক্টোবৰৰ পুৱা গছপুলি ৰোপণ কৰা হয় । ইফালে মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি তথা ছিপাঝাৰৰ বিধায়ক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ পৰমানন্দ ৰাজবংশী, পদ্মশ্ৰী ড৹ ইলিয়াছ আলীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

মুকলি সভাত সৰ্বসন্মতিক্ৰমে তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় । প্ৰথম প্ৰস্তাৱ মৰ্মে দৰং জিলাৰ মঙলদৈত স্থাপন হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ নাম ছহিদ মোজাম্মিল হকৰ নামেৰে ৰাখিবলৈ দাবী জনোৱা হয় । দ্বিতীয় প্ৰস্তাৱ মৰ্মে অসমীয়া ৰাজ্য ভাষা মাতৃভাষা আইন ১৯৬০ৰ যথোচিত প্ৰয়োগ আৰু তৃতীয় প্ৰস্তাৱত অসমীয়া ভাষালৈ কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰে আৰু এই এনে সফলতাৰ বাবে অসম সাহিত্য সভা, ভাৰত চৰকাৰ তথা অসম চৰকাৰক বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । মুকলি সভাত 'আই তোক কিহেৰে পূজিমে' শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ।

লগতে পঢ়ক :ৰাজ্যৰ চাহ শ্ৰমিকলৈ সুখবৰ; ২০ শতাংশ পূজাৰ বোনাচ ঘোষণা চৰকাৰৰ - PUJA BONUS FOR TEA WORKERS

ABOUT THE AUTHOR

...view details