অসম

assam

ETV Bharat / state

অসমৰ শিক্ষা খণ্ডৰ উদ্বেগজনক ছবি; এবছৰত অন্তৰ্ধান ছয় লক্ষাধিক শিক্ষার্থী - DROP OUT RATE IN ASSAM

এবছৰত দেশৰ চৰকাৰী বিদ্যালয়ত নামভর্তি ৩৭ লাখ হ্রাস । অষ্টম শ্ৰেণীৰ পাছত বিদ্যালয় এৰা শিক্ষার্থী দুগুণলৈ বৃদ্ধি । চৰকাৰী শিক্ষা খণ্ডৰ উদ্বেগজনক ছবি ।

Drop Out Rate in Assam
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 7:19 AM IST

গুৱাহাটী : দেশত চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা অভাৱনীয় হাৰত হ্ৰাস পাবলৈ ধৰিছে । ২০২৩-২৪ বৰ্ষত দেশত চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ইয়াৰ আগৰ বছৰৰ তুলনাত ৩৭ লাখ হ্রাস পাইছে । এই তথ্য কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ ।

কেন্দ্ৰীয় শিক্ষা মন্ত্রণালয়ৰ অধীনৰ ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফর্মেচন ছিষ্টেম ফৰ এডুকেচন প্লাছৰ (ইউডাইছ) তথ্য অনুসৰি, ২০২২-২৩ বৰ্ষত চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ২৫.১৭ কোটি । ২০২৩-২৪ বৰ্ষত নামভৰ্তি কৰা ছাত্র-ছাত্রীৰ সংখ্যা ২৪.৮০ কোটিলৈ হ্রাস পায় । অৰ্থাৎ এবছৰত ৩৭ লাখ শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পায় । ইয়াৰ ভিতৰত ১৬ লাখ ছাত্ৰ আৰু ২১ লাখ ছাত্রী ।

এবছৰত অসমৰ বিদ্যালয়ৰ পৰা অন্তৰ্ধান ছয় লক্ষাধিক শিক্ষার্থী (ETV Bharat Assam)
  • অসমত হ্ৰাস পোৱা শিক্ষাৰ্থীৰ সংখ্যা

আনহাতে, দেশৰ এই সংখ্যাৰ বিপৰীতে অসমত বিদ্যালয়ৰ পৰা হঠাৎ অন্তৰ্ধান হৈছে ৬ লাখ ২৯৭ গৰাকী শিক্ষার্থী । ২০২৩ বৰ্ষত ‘ইউনিফাইড ডিষ্ট্রিক্ট ইনফর্মেচন ছিষ্টেম ফৰ এডুকেচন প্লাছ'(ইউডাইছ) পৰ্টেলত অসমৰ প্ৰায় ৩২ লাখ শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন হৈছিল । কিন্তু ২০২৪ বৰ্ষত নাম পঞ্জীয়ন কৰাৰ সময়ত ৬,০০,২৯৭ গৰাকী শিক্ষাৰ্থীৰ নাম নোহোৱা হয় ।

উক্ত শিক্ষার্থীসকলে আধাতে বিদ্যালয় শিক্ষা এৰিছে নে তেওঁলোকৰ নাম ভুৱাকৈ পঞ্জীয়ন কৰা হৈছিল সেয়া এক ডাঙৰ প্ৰশ্ন । কিয়নো সমগ্র শিক্ষা বিভাগে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ নামত মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি ইউনিফৰ্মলৈকে সকলোতে ধন প্ৰদান কৰি আহিছে ।

এবছৰত অসমৰ বিদ্যালয়ৰ পৰা অন্তৰ্ধান ছয় লক্ষাধিক শিক্ষার্থী (ETV Bharat Assam)

আনহাতে, আধাতে শিক্ষার্থীসকলে বিদ্যালয় এৰি গ'লেও সেয়া ৰাজ্যখনৰ বাবে অত্যন্ত উদ্বেগজনক কথা হ'ব । ইফালে এই সন্দৰ্ভত সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালকে এ ডি চি, বিদ্যালয় পৰিদৰ্শক, এছ এছ এৰ জিলা মিছন সমন্বয়ক আৰু ডি ই ই অ'ৰ পৰা হিচাপহীন এই ছাত্র-ছাত্ৰীৰ তালিকা বিচাৰিছে । আনকি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ নাম কিয় পঞ্জীয়ন নহ'ল তাৰো কাৰণ জানিব বিচাৰিছে ।

  • সৰ্বভাৰতীয় পৰ্যায়ত আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থী

ইফালে সৰ্বভাৰতীয় পৰ্যায়ত আধাতে বিদ্যালয় ত্যাগ কৰা ছাত্র-ছাত্রীৰ সংখ্যা উদ্বেজনকভাৱে বৃদ্ধি পাইছে । মাধ্যমিক বিদ্যালয়ত (ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ) বিদ্যালয়লৈ নহা ছাত্র-ছাত্ৰীৰ হাৰ ৫.২ শতাংশৰ পৰা ১০.৯ শতাংশলৈ বৃদ্ধি পাইছে ।

এবছৰত অসমৰ বিদ্যালয়ৰ পৰা অন্তৰ্ধান ছয় লক্ষাধিক শিক্ষার্থী (ETV Bharat Assam)

আগতে প্রতি এশগৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত কেৱল ৫ টি শিশুৱে নৱম শ্ৰেণীত নামভৰ্তি কৰোৱা নাছিল । এতিয়া প্রতি ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১১ গৰাকীয়ে নৱম শ্ৰেণীত নামভৰ্তি কৰা নাই । আন কথাত অষ্টম শ্ৰেণীৰ পাছত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে ।

  • অসমৰ প্ৰেক্ষাপটত আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থী

লক্ষণীয় বিষয় যে ইউডাইছৰ তথ্য অনুসৰি, ২০২২-২৩ চনৰ ভিতৰত ৰাজ্যখনৰ নিম্ন প্রাথমিক বিদ্যালয়ত গড় বাৰ্ষিক ড্রপ-আউট অৰ্থাৎ আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ আছিল ৮.৪৯ শতাংশ । আনহাতে, ২০২১-২২ চনত আছিল ৬.০২ শতাংশ, ২০১৯-২০ চনত আছিল ৪.৩ শতাংশ আৰু ২০১৮-১৯ চনত আছিল ৩.১ শতাংশ । ক্ৰমাৎ আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ বৃদ্ধি পাব ধৰিছে ।

এবছৰত অসমৰ বিদ্যালয়ৰ পৰা অন্তৰ্ধান ছয় লক্ষাধিক শিক্ষার্থী (ETV Bharat Assam)

ইফালে নিম্ন প্রাথমিক পৰ্যায়ত ড্রপ-আউটৰ হাৰ দক্ষিণ শালমাৰাত সর্বাধিক ২২.৫২ শতাংশ আৰু কৰিমগঞ্জত ১৪.৫৪ শতাংশ । আনহাতে, শিৱসাগৰত সর্বনিম্ন ৪.০২ শতাংশ ।

একেদৰে উচ্চ প্রাথমিক পৰ্যায়ত ২০২২-২৩ চনত ড্রপ-আউটৰ হাৰ আছিল ১০.৩৩ শতাংশ আৰু ২০২১-২২ চনত ৮.৮১ শতাংশ । উচ্চ প্রাথমিক পৰ্যায়ত এই হাৰ দক্ষিণ শালমাৰাত সৰ্বাধিক ৩২.২৯ শতাংশ আৰু শিৱসাগৰত সৰ্বনিম্ন ৪.০৩ শতাংশ ।

  • কিয় আধাতে বিদ্যালয় ত্যাগ কৰে শিক্ষাৰ্থীয়ে

চৰকাৰী বিদ্যালয়সমূহত কিয় শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে তথা আধাতে বিদ্যালয় ত্যাগ কৰাৰ সংখ্যা কিয় হ্ৰাস পাইছে । এইক্ষেত্রত নিৰ্দিষ্ট কোনো এটা কাৰণ নাই । বহুকেইটা বিষয় ইয়াৰ লগত জড়িত হৈ আছে । এই সন্দৰ্ভত সমগ্ৰ শিক্ষা, অসমৰ এগৰাকী যুটীয়া সঞ্চালক পৰ্যায়ৰ বিষয়াই জনোৱা মতে, চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ সময় উপযোগীকৈ গঢ় লৈ উঠা নাই ।

এবছৰত অসমৰ বিদ্যালয়ৰ পৰা অন্তৰ্ধান ছয় লক্ষাধিক শিক্ষার্থী (ETV Bharat Assam)

সাধাৰণতে ৰাজহুৱা খণ্ডৰ বিদ্যালয়ত দৰিদ্ৰ পৰিয়ালয়ৰ শিক্ষাৰ্থীৰ সংখ্যা বেছি হয় । নানান অভাৱ-অভিযোগৰ মাজত সেই পৰিয়ালসমূহে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়ায় । কিন্তু বহু সময়ত তেনে পৰিয়ালবোৰে আৰ্থিক সংকটৰ বাবে নিজৰ সন্তানক বিদ্যালয়ৰ পৰা আঁতৰাই কৰ্মসংস্থাপনত জড়িত কৰাবলগীয়া হয় ।

আনহাতে, চৰকাৰী বিদ্যালয়সমূহত আন্তঃগাঁথনিৰো অভাৱ আছে । বহু বিদ্যালয়ত পর্যাপ্ত শিক্ষকৰো অভাৱ আছে । তদুপৰি, বহু বিদ্যালয়ত শিক্ষকৰ যোগ্যতাকলৈয়ো প্ৰশ্নচিহ্ন আছে । ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা তথা প্রদর্শনত নেতিবাচক প্ৰভাৱ পৰিছে ।

তেওঁ লগতে কয়, "বৃহৎসংখ্যক স্কুলত প্রাথমিক সা-সুবিধাৰো অভাৱ ঘটিছে আৰু এনেবোৰ কথাই চৰকাৰী শিক্ষা প্রণালীয়ে সম্মুখীন হোৱা দুৰ্দশাৰ কথাকে প্রতিফলিত কৰিছে । চৰকাৰী বিদ্যালয়ৰ এই অৱস্থা অব্যাহত থাকিলে এসময়ত এই স্কুলসমূহৰ মূল উদ্দেশ্য শিক্ষা দিয়াটো লাহে লাহে সমাপ্ত হৈ পৰিব । অনাগত দিনবোৰত শিক্ষা বিভাগ কেৱল পৰীক্ষাৰ আয়োজন কৰা আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক স্বীকৃতি দিয়াৰ সংস্থাত পৰিণত হ'ব ।"

এবছৰত অসমৰ বিদ্যালয়ৰ পৰা অন্তৰ্ধান ছয় লক্ষাধিক শিক্ষার্থী (ETV Bharat Assam)

লক্ষণীয় বিষয় যে দেশে ডিজিটেল ক্ষেত্ৰত ক্ষিপ্র গতিত আগবঢ়াৰ লগতে কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনতো অগ্রগতি লাভ কৰাৰ সময়তে দেশৰ চৰকাৰী শিক্ষা ব্যৱস্থাটো গভীৰ সংকটৰ সন্মুখীন হৈছে । দেশৰ বৃহৎসংখ্যক চৰকাৰী স্কুলত এতিয়াও কম্পিউটাৰৰ ব্যৱস্থা নাই ।

ইউডাইছৰ তথ্য মতে, ভাৰতৰ মাত্ৰ ৫৭.২ শতাংশ বিদ্যালয়তহে কম্পিউটাৰ আছে । আনহাতে, ইয়াৰে মাত্র ৫৪.৯ শতাংশ বিদ্যালয়ত আছে ইণ্টাৰনেটৰ সুবিধা ।

লগতে পঢ়ক :এডভান্টেজ আছাম : বিনিয়োগকাৰী বিচাৰি বিদেশলৈ ওলাল মুখ্যমন্ত্ৰীও - ADVANTAGE ASSAM SUMMIT
লগতে পঢ়ক :ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন চিংফৌ ৰজা বিচা নং চিংফৌৰ শেষকৃত্য - SINGPHO KING BISHA NO SINGPHO

ABOUT THE AUTHOR

...view details