অসম

assam

ETV Bharat / state

অসমৰ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দ্বাৰা বেদখল: নাগালেণ্ডৰ দখলত অসমৰ সৰ্বাধিক ভূমি - Assam land encroached

Assam border conflicts: অসম বিধানসভাৰ চলিত শৰৎকালীন অধিবেশনৰ অন্তিম দিনা সদনত মন্ত্ৰী অতুল বৰাই দাখিল কৰা তথ্য মতে, অসমৰ চাৰিখনকৈ চুবুৰীয়া ৰাজ্যই বেদখল কৰিছে অসমৰ ভূমি ৷ বেদখল কৰা এই ভূমিৰ পৰিমাণ হৈছে ৮২,৭৫১.৮৬১৮ হেক্টৰ ৷ পঢ়ক সবিশেষ...

ASSAM NAGALAND BORDER CLASH
Assam border conflicts (Assam state portal)

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 3:19 PM IST

গুৱাহাটী, ৩০ আগষ্ট: চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ এক দীৰ্ঘদিনীয়া জটিল সমস্যা ৰূপে পৰিগণিত হৈ আহিছে । অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ তথ্য মতে চুবৰীয়া ৰাজ্যই বৰ্তমানলৈ অসমৰ মুঠ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি বেদখল কৰি ৰাখিছে । অসমৰ ভূমি বেদখল কৰি ৰখা চুবুৰীয়া ৰাজ্য কেইখন হ’ল অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু নগালেণ্ড । অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগটোৰ মন্ত্রী অতুল বৰাই শুকুৰবাৰে বিধানসভাৰ শৰৎকালীন অধিবেশনৰ অন্তিম দিনা সদনত জনাইছে এই তথ্য ৷

কোন কোন ৰাজ্যই অসমৰ কিমান ভূমি বেদখল কৰি ৰাখিছে ?

অসম বিধানসভাৰ মজিয়াত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্রী অতুল বৰাই জনোৱা অনুসৰি সীমান্তৱৰ্তী ৰাজ্যসমূহে বৰ্তমানলৈকে বেদখল কৰি থকা অসমৰ ভূমিৰ পৰিমাণ হ'ল এনেধৰণৰ-

ক্ৰমিক নং ৰাজ্যৰ নাম মুঠ দখল কৰা ভূমিৰ পৰিমাণ (হেক্টৰ)
1. অৰুণাচল প্ৰদেশ ১৬,১৪৪.০১১৭
2. নাগালেণ্ড ৫৯,৪৯০.২১
3. মেঘালয় ৩,৪৪১.৮৬০১
4. মিজোৰাম ৩,৬৭৫.৭৮

এই তথ্য মতে নাগালেণ্ডেই সৰ্বাধিক পৰিমাণে অসমৰ ভূমি বেদখল কৰি আছে ৷ চুবুৰীয়া চাৰি ৰাজ্যৰ দ্বাৰা বেদখলকৃত সর্ব মুঠ ভূমিৰ পৰিমাণ হ’ল ৮২,৭৫১.৮৬১৮ হেক্টৰ ৷

সীমান্ত অঞ্চলত পহৰা চকী স্থাপন:

বিভাগীয় মন্ত্ৰী অতুল বৰাই সদৰী কৰা অনুসৰি যোৱা তিনি বছৰত সীমান্ত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ কেতবোৰ পদক্ষেপো গ্ৰহণ কৰিছে অসম চৰকাৰে । অসম আৰক্ষীৰ আৰক্ষী অধীক্ষক (সীমান্ত) সকলৰ পৰা পোৱা তথ্য অনুসৰি যোৱা ৩ বছৰত সীমান্ত নিৰাপত্তা শক্তিশালী কৰিবলৈ সীমান্তত আৰক্ষী কমাণ্ডো বাহিনী নিয়োগ কৰাৰ লগতে ভালেমান সীমান্ত আৰক্ষী পহৰা শিবিৰ স্থাপন কৰিছে অসম চৰকাৰে ৷

ইয়াৰ ভিতৰত অসম-অৰুণাচল সীমান্তত লখিমপুৰৰ দুলুং বনাঞ্চলত ৩৮ জন কামাণ্ডো নিয়োজিত আছে আৰু নতুনকৈ শিবিৰ স্থাপনৰ প্ৰস্তুতি চলাই থকা হৈছে । মিজোৰামৰ সীমা চুই থকা কাছাৰ জিলাত ৮ টাকৈ সীমান্ত পহৰা চকী, মেঘালয়ক স্পৰ্শ কৰি থকা পশ্চিম কাৰ্বি আংলঙৰ সীমান্তত ৬ টাকৈ সীমান্ত পহৰা চকী আৰু নতুনকৈ ৩ টা সীমান্ত পহৰা চকীৰ ব্যৱস্থা অসম চৰকাৰে কৰিছে ।

ইয়াৰ উপৰিও বৰাক উপত্যকাৰ কৰিমগঞ্জৰ মিজোৰাম সীমান্ত অস্থায়ীভাৱে ২ টা কেম্প স্থাপন কৰিছে অসম চৰকাৰে । উজনি অসমৰ শিৱসাগৰ জিলাত নাগালেণ্ড সীমান্তত ৭ টাকৈ সীমান্ত পহৰা চকী আৰু কামাণ্ডো বাহিনী অসম চৰকাৰ নিয়োজিত কৰি ৰাখিছে ।

বৰাকৰ হাইলাকান্দিৰ মিজোৰাম সীমান্ততো ৪ টাকৈ অস্থায়ী সীমান্ত আৰক্ষী চকী স্থাপন কৰা হৈছে আৰু এটা স্থায়ী কামাণ্ডো বেটেলিয়ন কেম্প স্থাপন কৰা হৈছে । একেদৰে পাহাৰীয়া জিলা ডিমা-হাছাওৰ নাগালেণ্ড সীমান্তত ৪ টাকৈ নতুন সীমান্ত পহৰা চকী স্থাপন কৰা হৈছে ।

কিন্তু মন কৰিবলগীয়া যে যোৱা ৫ বছৰত অসমৰ চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখল কৰা আৰু অসমে বেদখলকৃত ভূমি পুনৰুদ্ধাৰ কৰা বিতং তথ্য নাই অসম চৰকাৰৰ হাতত ৷ বিপৰীতে চুবুৰীয়া ৰাজ্য কেইখনৰ লগত সীমা বিবাদ নিস্পত্তিৰ বাবে এৰা-ধৰা আৰু বুজাবুজিৰে আলোচনা অব্যাহত ৰাখিছে অসম চৰকাৰে ।

কেনেদৰে চলিছে সীমান্ত বিবাদ নিস্পত্তি প্ৰক্ৰিয়া ?

২০২১ ত গঠন হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উদ্যোগত অসমে বিভিন্ন পৰ্যায়ত সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে বিভিন্ন পৰ্যায়ত আলোচনা প্ৰক্ৰিয়া চলাই থকা পৰিলক্ষিত হৈ আহিছে ৷ অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে সদনত জনায় যে সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে চুবুৰীয়া ৰাজ্যৰ বিবদিত সীমান্ত অঞ্চলত ১২ খন আঞ্চলিক সমিতি গঠন কৰি কাম কৰি থকা হৈছে । এই সমিতি সমূহে ৰাজ্য অনুসৰি বিবদিত সীমান্ত অঞ্চলত যৌথ ভ্ৰমণ কৰি আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিছে ।

অসম-অৰুণাচল প্ৰদেশৰ ৭১ খন গাঁৱৰ সীমা বিবাদ নিষ্পত্তি:

ইয়াৰ উপৰিও অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই সদনত জনোৱা অনুসৰি যোৱা ২০২৩ ৰ ২০ এপ্ৰিলত অৰুণাচল প্ৰদেশে নিজৰ বুলি দাবী কৰা ১২৩ খন গাঁও সন্দৰ্ভত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ৷ ফলত অসম অৰুণাচলৰ ৭১খন গাঁৱৰ বিবাদ নিষ্পত্তি হয় ৷ বিবাদ নিষ্পত্তি হোৱা গাঁও সমূহৰ সীমা নিৰ্ধাৰণৰ কাম কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা চলি থকাৰ লগতে বাকী ৫২খন গাঁৱৰ বাবে আলোচনা প্ৰক্ৰিয়া অব্যাহত থাকিব ।

লগতে পঢ়ক:অসমৰ ভূমিত নগাৰ আদৰণি তোৰণ, তীব্ৰ উত্তেজনা - Assam Nagaland border

বনাঞ্চল ধ্বংস কৰি নগাই চলাইছে উপদ্ৰৱ, বাটলু গুটিৰে আক্ৰমণ সাংবাদিকক

Assam Meghalaya Border Dispute : অসম আৰু মেঘালয়ৰ সীমাবিবাদ; দুৰ্গোৎসৱৰ সময়তে দুয়ো ৰাজ্যৰ মাজত নতুন চুক্তিৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details