অসম

assam

ETV Bharat / state

৫০০ৰো অধিক ধানৰ বীজ সংৰক্ষণ : কৃষকে লাভ কৰে বিনামূলীয়াকৈ - Annapurna Seed Library

Indigenous paddy seeds conservation in Jorhat : কৃষকৰ বাবে যোৰহাটত স্থাপন উত্তৰ-পূবৰ প্ৰথমটো বীজ ভঁৰাল ৷ প্ৰগতিশীল কৃষক মহান বৰাই স্থাপন কৰিছে এই বিশেষ বীজ ভঁৰালটো ৷ লুপ্তপ্ৰায় আৰু বিলুপ্তপ্ৰায় সকলো বীজেই উপলব্ধ ৷

ANNAPURNA SEED LIBRARY
৫০০ৰো অধিক ধানৰ বীজ সংৰক্ষণ মহান বৰাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 8:25 PM IST

যোৰহাট, ৩১ জুলাই : ‘‘ মানুহে মানুহৰ বাবে যদি অকণো নাভাবে, ভাবিব কোনেনো কোৱা সমনীয়া’’- ভূপেন হাজৰিকাৰ সেই গীতৰ কলিক বাস্তৱত ৰূপায়ণ কৰিলে যোৰহাটৰ এজন ব্যক্তিয়ে ৷ যোৰহাটৰ পূৱ প্ৰান্তৰ কাঠগাঁৱৰ মহান বৰাই অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ লগতে দেশৰ সকলো কৃষকৰ উপকাৰৰ স্বাৰ্থত আৰু উঠি অহা প্ৰজন্মক চিনাকী কৰাই দিয়া অৰ্থে তেওঁৰ নিজৰ কৃষিভূমিত প্ৰতিষ্ঠা কৰিছে উন্নত মানৰ বীজ ভঁৰাল ‘অন্নপূৰ্ণা বীজ ভঁৰাল’ ৷

৫০০ৰো অধিক ধানৰ বীজ সংৰক্ষণ মহান বৰাৰ (ETV Bharat Assam)

মহান বৰাৰ একক প্ৰচেষ্টাৰ লগতে তেওঁৰ গুণমুগ্ধ লোকৰ সাহস আৰু প্ৰেৰণাত উত্তৰ-পূবৰ প্ৰথমটো বীজ ভঁৰাল স্থাপন কৰিছে সেউজীয়া আৱৰণৰে আৱৰি থকা নিজা কৃষিভূমিত ।

অন্নপূৰ্ণা নামৰ উক্ত বীজ ভঁৰালটোত লুপ্ত আৰু বিলুপ্তপ্ৰায় সকলো ধানৰ বীজেই উপলদ্ধ হৈছে । ভঁৰালটোত ৫০০ৰো অধিক বীজ উপলব্ধ হৈ আছে । সকলো পৰিস্থিতিত আৰু জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খাব পৰাকৈ এই অন্নপূৰ্ণা বীজ ভঁৰালটোত ধানৰ বীজ উপলব্ধ কৰোৱাৰ লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় মৌলিক উপাদানত অৰিহণা যোগোৱা বীজো উপলব্ধ ।

কৃষি পথাৰ তথা কৃষকৰ মাজৰ পৰাই হেৰাই যোৱা আৰু ঔষধি গুণযুক্ত সুৱাগমণি, গেজেপশালি, শিয়াল শালি, কণামুচৰি, মঠঙা, ধেপা, দলকচু, মাইগুটীয়া, মাগুৰী, সোণাজুলি, পোৱালশালি, পদুমনি শালি, লাউডুবি, নলবনি আদি ধানৰ বীজ উপলব্ধ বীজ ভঁৰালটোত । মহান বৰাৰ এই মহান উদ্যোগৰ কাৰণ হ’ল এইসমূহ ধানৰ প্ৰজাতিয়ে আমাৰ যুগমীয়া ঐতিহ্য বহন কৰে ।

তদুপৰি এইগৰাকী প্ৰগতিশীল কৃষক মহান বৰাই উঠি অহা প্ৰজন্মক কৃষি আৰু বীজ কেনেদৰে প্ৰস্তুত আৰু তৈয়াৰ কৰিব পাৰি সেই বিষয়ে শিক্ষা দি আহিছে । প্ৰগতিশীল কৃষক মহান বৰাৰ এই কাৰ্য আৰু সৃষ্টিৰাজি দেশ-বিদেশত প্ৰশংসিত হৈ অহাৰ লগতে তেওঁক আমন্ত্ৰিত অতিথি হিচাপেও বিভিন্ন ঠাইলৈ আমন্ত্ৰণ জনোৱা হৈছে ৷

মহান বৰাৰ অন্নপূৰ্ণা বীজ ভঁৰালত উপলব্ধ বীজ কৃষকৰ বাবে বিনামূলীয়া । কাৰণ মাটি থাকিলেই নহ’ব, আমাৰ কৃষকৰ মাজত সহজতেই উপলব্ধ হ'ব লাগিব থলুৱা আৰু অন্যান্য উন্নত মানদণ্ডৰ বীজ ৷ মহান বৰাৰ এনেধৰণ চিন্তাধাৰাই কৃষকসকলক উপকৃত কৰাৰ লগতে থলুৱা বীজ সংৰক্ষণৰ ক্ষেত্ৰত সকলোকে ব্ৰতী হ’বলৈ আৰু আগবাঢ়ি যোৱাত সহায় কৰিব ।

মহান বৰাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়, কৃষি বিভাগ আৰু আই আই টিৰ কেবাজনো শুভাকাংক্ষী আৰু বিজ্ঞানীয়ে সহায় কৰি আহিছে যদিও চৰকাৰৰ পৰা দীৰ্ঘম্যাদী সা-সুবিধা পোৱা নাই ৷ উল্লেখ্য যে মহান বৰাই ধানৰ বীজ সংৰক্ষণ কৰাই নহয়, অন্যান্য কৃষিজাত থলুৱা সামগ্ৰীও সংৰক্ষণ কৰি আহিছে ৷

লগতে পঢ়ক :আৰম্ভণিৰ পৰাই বিফল চৰকাৰ : দ্বিতীয় পৰ্যায়ত ধান ক্ৰয়ৰ লক্ষ্য 83,900 মেট্ৰিক টনলৈ হ্ৰাস

লগতে পঢ়ক :চাকৰি এৰি খেতিপথাৰত খোজ দিছে চিলাপথাৰৰ নিৰুপমা পেগুৱে

লগতে পঢ়ক :লহপহকৈ বাঢ়ি অহা খেতিডৰালৈ চাই প্ৰাপ্তিৰ হাঁহি মাৰিছে একাংশ কৃষকে

ABOUT THE AUTHOR

...view details