অসম

assam

ETV Bharat / state

সুৰক্ষা লাগে খিলঞ্জীয়াৰ: ডিব্ৰুগড়ত ৩২ টাকৈ সংগঠনৰ গণবিক্ষোভ - Protest in Dibrugarh - PROTEST IN DIBRUGARH

Dibrugarh protest: খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ দাবীত ডিব্ৰুগড়ৰ ৰাজপথত ৩২ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ গণবিক্ষোভ ৷ খিলঞ্জীয়াৰ সুৰক্ষাৰ হকে ১১টা দাবী পূৰণৰ বাবে চৰকাৰক জনালে আহ্বান ৷ শিৱসাগৰ, তিনিচুকীয়াৰ ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়নি ৷

Dibrugarh Protest
ডিব্ৰুগড়ত ৩২ টাকৈ সংগঠনৰ গণবিক্ষোভ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 7:12 PM IST

মৰাণ, 2 ছেপ্টেম্বৰ: শিৱসাগৰ আৰু তিনিচুকীয়াত অসমীয়া আৰু অনা অসমীয়া লোকৰ মাজত সংঘটিত সংঘাতৰ বিষয়টোৱে ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰাৰ পাছতে যেন উজনি অসমত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ দাবী উত্থাপিত হৈছে । ৰাজ্য চৰকাৰে অসমীয়া আৰু অনা অসমীয়াৰ নামত সংঘাত সৃষ্টি নকৰি সকলোকে মিলা-প্ৰীতিৰে বাস কৰাৰ আহ্বান জনাইছে যদিও উজনি অসমত খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয়টোক লৈ তৎপৰ হৈছে বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন সমূহ ।

ডিব্ৰুগড়ত ৩২ টাকৈ সংগঠনৰ গণবিক্ষোভ (ETV Bharat Assam)

শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত একাংশ মিঞা মুছলমান জড়িত থকা বুলি তথ্য প্ৰকাশ পোৱাৰ পাছতে মিঞা মুছলমানক উজনি অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাই খিলঞ্জীয়া ৰক্ষাৰ দাবীত সোচ্চাৰ হৈছে একাংশ লোকৰ লগতে দল-সংগঠন । তেনে সময়ত খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীত ডিব্ৰুগড়ত সোমবাৰে একত্ৰিত হ'ল ৩২ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠন ।

খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰা দাবীত ডিব্ৰুগড়ৰ ৰাজপথত ৩২ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ অসম, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক ছাত্র সন্থা, আহোম সভা আহোম জাতীয় গণমঞ্চ, আদিবাসী ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চকে ধৰি জাতীয়-জনগোষ্ঠীৰ ৩২ টা সংগঠনে একত্ৰিতভাৱে এই গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

ডিব্ৰুগড় চহৰৰ চৌকিডিঙ্গী চাৰিআলিৰ সমীপৰ পৰা থানা চাৰিআলি হৈ এইছ এছ ৰোড হৈ কেইবা শতাধিক লোকে বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদী সমদল বাহিৰ কৰে । খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ১১টা দাবীৰে একত্ৰিত খিলঞ্জীয়াৰ শক্তিয়ে ডিব্ৰুগড় চহৰ কঁপাই তুলিলে ।

খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কৰা ১১ টা দাবী হ’ল:

১/ ডিব্ৰুগড়ত ভূমি ক্ৰয়-বিক্ৰয়ৰ বাবে খিলঞ্জীয়াৰ স্বাৰ্থত এখন ভূমি আইন প্ৰণয়ন কৰা

২/ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত খিলঞ্জীয়াৰ আত্মসংস্থাপনৰ বাবে থলুৱা বজাৰ নিৰ্মাণ কৰা

৩/ আজিৰ তাৰিখৰ পৰা ডিব্ৰুগড় জিলাত যাতে অনা অসমীয়াই মাটি ক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা

৪/ ডিব্ৰুগড়ত অনা অসমীয়াই চলাই থকা অৰ্থনৈতিক সন্ত্ৰাস বন্ধ কৰা

৫/ চাকৰি, ব্যৱসায়-বাণিজ্য, উদ্যোগ স্থাপনত অসমীয়াৰ বাবে ১০০% সংৰক্ষণ কৰা

৬/ অহা এটা সপ্তাহৰ ভিতৰত ডিব্ৰুগড়ৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক অসমীয়াত লিখাটো বাধ্যতামূলক কৰা

৭ / ডিব্ৰুগড়ত ফাকুৱা, বলব’ম, তাজিয়াৰ নামত যি ৰাজপথত অস্ত্ৰ প্ৰদৰ্শন, উচ্চস্বৰত ডি জে বজোৱা হয়, তাক বন্ধ কৰা

৮/ ডিব্ৰুগড়ত বাস কৰা সকলো অনা অসমীয়াই অসমীয়া জাতীয় স্বাৰ্থত জড়িত বিষয়ত সহাৱস্থান কৰা

৯/ শিৱসাগৰ, তিনিচুকীয়াৰ দৰে ঘটনা সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে সকলোৱে সংযমী হোৱা

১০/ অসমৰ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ভিত্তি বৰ্ষ ১৯৫১ ঘোষণা কৰা কৰা

১১/ স্মাৰ্ট মিটাৰ স্থাপন বন্ধ কৰা

আজি এই সমূহৰ দাবীত ডিব্ৰুগড়ত ৩২ টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ এই দাবীসমূহ কাৰ্যকৰী কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক:স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ ব্যাপক প্ৰতিবাদ - AASU protest against smart meter

ছয় জনগোষ্ঠীৰ জনজাতিকৰণে উজনিত শক্তিশালী কৰিব খিলঞ্জীয়াক: আহোম সংগঠন - Demand for tribal status

আৰক্ষীৰ বাধা নেওচি ওলাই আহিল হাজাৰ হাজাৰ চাহ-আদিবাসী, চৰকাৰক নিৰ্বাচনত প্ৰত্য়ুত্তৰ দিবলৈ সাজু - Tea tribe union protest

ABOUT THE AUTHOR

...view details