গুৱাহাটী,১০ মাৰ্চ:পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এইক্ষেত্রত বিশেষ কোনো সফলতা লাভ কৰা নাই । বিগত কেইবা বছৰ ধৰি অসমত পথ দুৰ্ঘটনাৰ সংখ্যা চিন্তনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে । পথ দুৰ্ঘটনাৰ আঁৰত বহু কেইটা কাৰণ জড়িত হৈ আছে যদিও ৰাষ্ট্ৰীয় ঘাইপথ, ফ’ৰলেন আৰু লোকনির্মাণ বিভাগৰ অধীনৰ ভালেমান ৰাজ্যিক পথৰ আধৰুৱা অৱস্থা থকা তথা কাৰিকৰী দিশত বিসংগতিপূর্ণ পথ এতিয়া একপ্ৰকাৰ নীৰৱ ঘাতকলৈ পৰিণত হৈছে ।
দুর্ঘটনা প্ৰতিৰোধৰ বাবে চৰকাৰে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰি চালকৰ পৰা জৰিমনাও আদায় কৰি আহিছে । কিন্তু তথাপিও পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস হোৱা নাই । লক্ষণীয় বিষয় যে পথ নিৰ্মাণত নিম্নমানৰ কামৰ জৰিয়তে পুঁজি লুণ্ঠনত গুৰুত্ব দিয়া ঠিকাদাৰী প্রতিষ্ঠান, পথ নিৰ্মাণৰ কাম-কাজ তদাৰক কৰা কৰ্তৃত্বশীল প্রতিষ্ঠান, সংশ্লিষ্ট বিষয়া আদিৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ নকৰাৰ বাবেই নিৰ্ধাৰিত সময়ত পথ সম্পূৰ্ণ হৈ নুঠাত দিনক দিনে বৃদ্ধি পোৱা পথ দুর্ঘটনাই ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।
কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা এক প্রতিবেদন অনুসৰি বিগত বছৰটোত অসমত সংঘটিত হৈছে ৭,৩২৩টা পথ দুর্ঘটনা । এই দুর্ঘটনাসমূহত প্ৰাণ হেৰুৱাব লগা হৈছে ২,৯৯৪ জন লোকে । কেন্দ্ৰীয় চৰকাৰৰ উক্ত প্রতিবেদনৰ তথ্য মতে ২০২২ বৰ্ষত দুর্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত ১৮ বছৰৰ তলত হৈছে ১৭৩ গৰাকী, ১৮-২৫ বছৰ বয়সৰ ভিতৰত হৈছে ৭৯৫ গৰাকী, ৩৫-৪৫ বছৰ বয়সৰ ভিতৰত হৈছে ৬০৯ গৰাকী অৰু ৬০ বছৰ ঊৰ্ধ্বৰ হৈছে ৩১ গৰাকী ।
লক্ষণীয় বিষয় যে অসমত সংঘটিত পথ দুৰ্ঘটনাসমূহৰ ভিতৰত অত্যধিক গতিবেগৰ বাবেই বিগত দুটা বৰ্ষতে ৪,৫৭৩টা পথ দুর্ঘটনা সংঘটিত হৈছে । আনহাতে সুৰাপান কৰি অথবা নিচাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে বিগত বৰ্ষত ২৮৪টা পথ দুর্ঘটনা সংঘটিত হৈছে আৰু এইসমূহ দুৰ্ঘটনাত ১৩৯জনে অকালতে প্রাণ হেৰুৱাব লগা হৈছে বুলিও কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।