তিনিচুকীয়া, ২৫ জানুৱাৰী :উখল-মাখল তিনিচুকীয়া জিলা ৷ মৰাণ জনগোষ্ঠীৰ 6 টাকৈ সংগঠন ক্রমে অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মৰাণ কলা- সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাৰ যৌথ উদ্যোগত জনগোষ্ঠীটোৰ চহকী কলা-সংস্কৃতি, ভাষা-সাহিত্য, পৰম্পৰাগত ক্রীড়া, ৰীতি-নীতিসমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি পোনপ্রথম বাৰৰ বাবে তিনিচুকীয়া জিলাত আয়োজন কৰা হৈছে মৰাণ মহোৎসৱ ৷ 25 জানুৱাৰী আজিৰ পৰা 28 জানুৱাৰীলৈকে মাকুমৰ সমীপৰ নাহৰণি-বালিজান খেলপথাৰত চাৰিদিনীয়াকৈ "মৰাণ মহোৎসৱ"ৰ আৰম্ভ হয় ।
মৰাণ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ জাতীয় অভিৱৰ্তনৰ সিদ্ধান্ত মৰ্মে তিনি বছৰৰ মূৰে মূৰে “মৰাণ মহোৎসৱ” অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই মহোৎসৱৰ থলীত এখন মৰাণ হেৰিটেজ গাঁও স্থাপন কৰাৰ লগতে এখন শৈক্ষিক সন্মিলন অনুষ্ঠিত কৰা হয় ৷ তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ চৈতন্য বৰাই সঞ্চালনা কৰা শৈক্ষিক সন্মিলনত বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৷ লগতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, শদিয়াৰ বিধায়ক বলীন চেতিয়া আৰু কেইবাগৰাকীও শিক্ষাবিদ উপস্থিত থাকে ।