মিৰ্জা,১৭ ফেব্ৰুৱাৰী:এক শিহৰণকাৰী দুৰ্ঘটনা ! অসমৰ আকাশত সন্ধানহীন এখন যাত্ৰীবাহী হেলিকপ্টাৰ । মাজ আকাশতে সন্ধানহীন হেলিকপ্টাৰখনক লৈ হাহাকাৰ লাগিল সৰ্বত্ৰে । চাৰ্জ অপাৰেচনত আহিল দুঃসংবাদটো । Air Traffic Controller এ খবৰ দিলে চানডুবি বিলৰ সমীপতে ভূপতিত হোৱা যাত্ৰীবাহী হেলিকপ্টাৰখনৰ । দুভাগত বিভক্ত হৈ জ্বলি উঠিল হেলিকপ্টাৰখন ।
হেলিকপ্টাৰখনৰ চৌপাশে পৰি আছে হতাহত লোক । খবৰ পাই ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হ'ল কামৰূপ আৰক্ষীৰ দল । আহতকেইজনক ততাতৈয়াকৈ আৰক্ষীৰ বাহনতে লৈ যোৱা হ'ল চিকিৎসালয় অভিমুখে । আৰক্ষীয়ে খবৰ দিলে চিকিৎসা, অগ্নিনিৰ্বাপক বাহিনীক । আনহাতে হেলিকপ্টাৰখনৰ ATC য়ে Airport Authority ক খবৰ দিয়াৰ পিছতে বায়ুসেনাৰ হেলিকপ্তাৰযোগে সন্ধান কৰিলে হেলিকপ্টাৰৰ ।
বায়ুসেনাৰ হেলিকপ্তাৰে Airport Authority, ATC, দুৰ্যোগ প্ৰশমনৰ SDRF, NDRFক দিলে হেলিকপ্টাৰ ভূপতিত হোৱাৰ Conformation । ঘটনাস্থলীত উপস্থিত হ'ল অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেঞ্চৰ কেইবাখনো বাহন । অগ্নিনিৰ্বাপক বাহিনী জুই নিৰ্বাপন কৰিলে জুই আৰু উদ্ধাৰ কৰিলে কেইবাজনো লোকক । এইবাৰ উপস্থিত হ'ল NDRF । NDRF এ মেচিনৰ সহায়েৰে জীৱন্তে আৰু মৃত অৱস্থাত উদ্ধাৰ কৰিল পাইলট, কেবিন ক্ৰুসহ কেইবাজনো লোকক । জীৱন্ত সকলক ততাতৈয়াকৈ দুৰ্ঘটনাস্থলীৰ সমীপতে চিকিৎসা শিবিৰ পাতি আগবঢ়ালে চিকিৎসা সেৱা । উদ্ধাৰ হ'ল বিমানৰ BlackBox ও ।