ডিব্ৰুগড়, ৪ অক্টোবৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে গৰুৰ বজাৰ বন্ধ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যখনৰ কোনো ৰাজহুৱা স্থানত আৰু হিন্দু ধৰ্মৰ লোকৰ বসতি এলেকাত গো-মাংস বিক্ৰী কৰাটো নিষিদ্ধ কৰিছিল চৰকাৰে । শেহতীয়াকৈ ৰাজ্যৰ ভিতৰত গৰু কিনা বেচাৰ ক্ষেত্ৰত শিথিলতা আনিছিল ৰাজ্য চৰকাৰে । ইয়াৰ পাছতে গৰুৰ চোৰাং ব্যৱসায় বৃদ্ধি পাবলৈ ধৰিছে ।
একাংশই চৰকাৰৰ নিৰ্দেশনাক অমান্য কৰি হিন্দু ধৰ্মৰ লোকৰ বসতি এলেকাত গো-নিধন কৰি গো-মাংসৰ গোপন ব্যৱসায় চলাই আছে । তেনে সময়ত শুকুৰবাৰে ডিব্ৰুগড়ৰ নাহৰকটীয়াত চোৰাং গো-মাংসৰ ঘাটিৰ বিৰুদ্ধে অভিযানত নামিল বিধায়ক । নাহৰকটীয়াৰ ভূঞা পট্টীত উৎখাত কৰা হ'ল চোৰাং গো-মাংসৰ ঘাটি । নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ আৰু নাহৰকটীয়া থানা কমিটিৰ প্ৰচেষ্টাত উৎখাত কৰা হয় চোৰাং গো-মাংসৰ এই ঘাটি ।
নিশা ৰাজপথৰ পৰা চুৰি কৰি আনি চাৰিটাকৈ গৰু নিধন কৰি গো-মাংসৰূপে বিক্ৰীৰ চেষ্টা চলাওঁতেই এই অবৈধ মাংসৰ ঘাটিটো উৎখাত কৰা হয় । ৰফিউল হুছেইন ভূঞা আৰু ছফিউল হুছেইন ভূঞাৰ নেতৃত্বত দীৰ্ঘদিন ধৰি এই অবৈধ গৰু চুৰি আৰু গো-মাংসৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ ৰাইজৰ । আজি আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে দুই গো-মাংসৰ ব্যৱসায়ীয়ে ।