গোলাঘাট, 15 জুলাই :বোকাখাতৰ বান বিধস্ত বংকোৱালত উপস্থিত সৰভোগ সমষ্টিৰ CPI-M বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ বোকাখাতৰ বংকোৱালৰ মথাউৰি এলেকাৰ লগতে বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী ব্যৰ্থ মুখ্যমন্ত্ৰী বুলি ক্ষোভ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷
উল্লেখ্য যে, বিগত 2 জুলাইৰ পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে বংকোৱাল-নেঘেৰিটিং সংযোগী কৃষি বান্ধটোৰ এচোৱা ছিন্ন কৰি দিয়াৰ পাচত এতিয়া বংকোৱাল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত জনসাধাৰণৰ অৱস্থা হৈ পৰিছে অবৰ্নণীয় । এই পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যৰে বোকাখাতৰ বংকোৱালত দেওবাৰে উপস্থিত হয় সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ।
বংকোৱালত বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ ছিন্ন মথাউৰি পুনৰ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে সৰভোগ সমষ্টিৰ CPI-M বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPI-M দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে ।
ইফালে, বিগত 2 জুলাইৰ দিনা উক্ত ছিন্ন মথাউৰি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মথাউৰি চিগা ঠাইত বানাক্ৰান্ত ৰাইজৰ সহায় হোৱাকৈ এক বিকল্প যাতায়তৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও 12 দিন উকলি যোৱাৰ পাছতো উক্ত অঞ্চলত কোনো বিকল্প যাতায়তৰ ব্যৱস্থা নোহোৱাত তীব্ৰ সমালোচনা কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।
বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়, "কেৱল মদগৰ্বী আচৰণ আৰু উদ্ধত মন্তব্যৰে জনসাধাৰণক বিভ্ৰান্ত কৰি থকা জলসম্পদ মন্ত্ৰীজনৰ আচলতে বানপানী আৰু মথাউৰি সন্দৰ্ভত কোনো সু-স্পষ্ট ধাৰণায়েই নাই ৷ থকা হ'লে বানপানীৰ পূৰ্বে আওপুৰণি আৰু ভগ্নপ্ৰায় মথাউৰিবোৰ তেওঁলোকে মেৰামতি কৰিলেহেঁতেন । কেৱল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালৰ মথাউৰি ভাগিছে বুলি কৈ তেওঁলোকে আচলতে পুনৰবাৰ বিষয়টোৰ পৰা কৌশলেৰে গা এৰা দিব বিচাৰিছে । অসমত আৰু বানপানী নহয় বুলি চৰকাৰখন শুই থাকিল, তাৰ ফল এতিয়া নিৰীহ জনসাধাৰণে ভুগিবলগীয়া হৈছে । বিধানসভাত আমি বংকোৱালৰ বান সমস্যাক শক্তিশালী কণ্ঠৰে উপস্থাপন কৰি চৰকাৰক ইয়াৰ স্থায়ী সমাধানৰ বাবে বাধ্য কৰাবলৈ চেষ্টা কৰিম ৷"
আনহাতে CPI-M দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এই সন্দৰ্ভত কয়, "মন্ত্ৰী পীযুষ হাজৰীকাই ৰাইজৰ এই দুৰৱস্থাৰ পাচত হয় পদত্যাগ কৰিব লাগিছিল নহয় মুখ্যমন্ত্ৰীজনে নিজেই মন্ত্ৰীসভাৰ পৰা তেওঁক অপসাৰণ কৰিব লাগিছিল ।"