বোকাখাত, 14 জুলাই:বোকাখাতৰ বান বিধস্ত বংকোৱালত উপস্থিত সৰভোগ সমষ্টিৰ CPI M বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ বোকাখাতৰ বংকোৱালৰ মথাউৰি এলেকাৰ লগতে বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী ব্যৰ্থ মুখ্যমন্ত্ৰী বুলি ক্ষোভ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ প্ৰৱল বানে বোকাখাতৰ বংকোৱালৰ মথাউৰি ভাঙি পেলায় ৷ ফলত বোকাখাতত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিৱেশৰ ৷ নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল বংকোৱালবাসীয়ে ৷ বংকোৱাল-নেঘেৰিটিং সংযোগী ছিন্ন মথাউৰি পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয়, " মুখ্যমন্ত্ৰীয়ে বান বিধস্ত এলেকা পৰিদৰ্শন কৰি ফুৰিছে সেয়া নিশ্চয়কৈ আদৰণীয় । কিন্ত তেওঁ এই পৰিস্থিতি ৰোধ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে ? বানত ইতিমধ্যে ৰাজ্যবাসীৰ দুখ-দুৰ্দশাৰ অন্ত নোহোৱা হৈছে ৷ বৰ্তমানলৈকে 76 জনে প্ৰাণ হেৰুৱালে ৷"
বংকোৱালৰ বান পৰিস্থিতিক সজোৰে বিধানসভাত উপস্থাপন কৰিব বুলি আশ্বাস প্ৰদান কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে।
বিধায়কগৰাকীৰ লগত মথাউৰি পৰিদৰ্শন কৰে CPI M দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰেও । অসমৰ জলসম্পদ মন্ত্ৰীগৰাকীক সম্পূৰ্ণ ব্যৰ্থ বুলি উল্লেখ কৰি তালুকদাৰে হাজৰীকাৰ পদত্যাগ দাবী কৰে ৷
আনহাতে, "অসমত বান সদৃশ পৰিৱেশ" সৃষ্টি হৈছে বুলি গৃহমন্ত্ৰী অমৃত শ্বাহে আগবঢ়োৱা বক্তব্যক কটাক্ষ কৰি বংকোৱালৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি অসমত বান সদৃশ নে সঁচাকৈয়ে বান হৈছে আৰু এয়া ৰাষ্ট্ৰীয় সমস্যা হয়নে নহয় সেয়া গমি চাবলৈ দাবী জনায় CPI M দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে ৷