অসম

assam

ETV Bharat / state

ভাৰত-বাংলাদেশ সীমান্তৰ ন’ মেনচ লেণ্ডত ভাৰতীয়ই কিয় নকৰে খেতি ? - AKHIL GOGOI VISITS BORDER AREA

দক্ষিণ শালমাৰাত ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন অখিল গগৈৰ । স্থলভাগৰ কাঁটাতাঁৰক লৈ সন্তুষ্টি গগৈৰ ৷ ন’ মেনচ লেণ্ডত ভাৰতীয়ই খেতি নকৰাক লৈ অখিল গগৈৰ উদ্বিগ্নতা ।

MLA Akhil Visits Indo Bangla Border
ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 10:03 PM IST

দক্ষিণ শালমাৰা: কেৱল অসমতে সীমান্ত ছীল কৰি লাভ নাই ৷ মেঘালয়, পশ্চিমবংগ আৰু ত্ৰিপুৰাতো বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰিলেহে বাংলাদেশী অনুপ্ৰৱেশ ৰোধ হ’ব ৷ ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী-দক্ষিণ শালমাৰাত ন’মেনছ লেণ্ডত খেতি কৰে বাংলাদেশীয়ে । বিএছএফে সহযোগিতা আগবঢ়াই ট্ৰেক্টৰ দিলেও খেতি নকৰে ভাৰতীয় নাগৰিকে । আনহাতে, দক্ষিণ শালমাৰাত বাংলাদেশ জলসীমান্তত গৰা খহনীয়াই লৈছে উদ্বেগজনক ৰূপ ৷ দক্ষিণ শালমৰাত ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন কৰি ৰাইজৰ দলৰ সভাপতি তথা বিৰোধীৰ প্ৰভাৱশালী বিধায়ক অখিল গগৈয়ে সদৰী কৰিছে এই তথ্য ।

সোমবাৰে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পৰিদৰ্শন কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । দক্ষিণ শালমৰা জিলাৰ বৰাইৰ আলগা পঞ্চায়তৰ কালাইৰআলগা-শিশুমাৰা অঞ্চলৰ কাটা তাঁৰৰ বেৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলভাগৰ নিৰাপত্তাৰ দিশবোৰ পৰ্যবেক্ষণ কৰি অখিল গগৈয়ে ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে জড়িত কেইটাও বিষয়ত কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ।

ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ (ETV Bharat Assam)

স্থল ভাগৰ কাঁটাতাঁৰক লৈ সন্তুষ্টি অখিল গগৈৰ:

দক্ষিণ শালমাৰাৰ কালাইৰআলগা-শিশুমাৰা অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত থকা স্থলভাগৰ কাঁটাতাঁৰ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰি অখিল গগৈয়ে ক’লে, “ভাৰত-বাংলাদেশ সীমান্তৰ এই শিশুমাৰা অঞ্চলত যথেষ্ট ভালকৈ ফেন্সিং মৰা হৈছে । এইটো সন্তোষজনক । স্থলভাগৰ সীমান্তৰ এই ফেন্সিং দেখি অনুমান হয় কোনো বাংলাদেশী বোধহয় পাৰ হৈ আহিব নোৱাৰিব । কিন্তু ইয়াৰ জলভাগত থকা যি সীমান্ত । কালাইআলগাৰ ব্ৰহ্মপুত্ৰত থকা যি জলভাগৰ সীমান্ত খালী হৈ আছে ৷ এই অঞ্চলত ভাৰত-বাংলাদেশৰ চৰবিলাক লগ লাগি আছে । সৰু সৰু ভটভটি নাৱে টহল দিয়াৰ ব্যৱস্থা আছে এই জলভাগত । আমি আশা কৰো ডাঙৰ ডাঙৰ জাহাজ এই জলখণ্ডত পহৰাৰ বাবে নিয়োগ কৰিব লাগে । যাতে কোনো কাৰণতে বাংলাদেশী সোমাই আহিব নোৱাৰে ।”

লগতে পঢ়ক:অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ১২খন নতুন থানা

ভাৰত-বাংলাদেশ সীমান্তত খহনীয়াই মাতিছে উদ্বিগ্নতা:

“দক্ষিণ শালমৰাৰ এই সীমান্তত গৰা খহনীয়াই লৈছে ভয়াবহ ৰূপ । ইয়াত কোনো ধৰণৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰা হোৱা নাই অথচ এয়া আন্তঃৰাষ্ট্ৰীয় সীমান্ত । মাত্ৰ জিঅ’বেগ দিছে । এয়া তাৎক্ষণিক ব্যৱস্থা নহয় । স্থায়ীভাৱে যদি নদী খহনীয়া ৰোধ কৰা নহয়, তেন্তে ইয়াত সীমান্তত যি ফেন্সিং আছে সেয়া যিকোনো সময়তে খহনীয়াত জাহ যাব পাৰে । মই অসম আৰু ভাৰত চৰকাৰক এই কালাইআলগা চৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থায়ী ৰূপত প্ৰতিৰোধ কৰিবলৈ আহ্বান জনাইছো ।”— অঞ্চলটোত হোৱা খহনীয়াই সীমান্তৰ কাঁটাতাঁৰ খহাই জাহ নিয়াব পাৰে বুলি শংকা প্ৰকাশ কৰি এইদৰে উদ্বিগ্নতা প্ৰকাশ অখিল গগৈৰ ৷

মেঘালয়, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ খোলা সীমান্ত ছীল কৰাৰ দাবী:

আগফালে মাৰে দাং, পিছফালে ধোবাংবাং অৱস্থা অসমৰ বাদে আন তিনিখন চুবুৰীয়া ৰাজ্যৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৷ অসমত বাংলাদেশ সীমান্ত ছীল হ’লেও চুবুৰীয়া তিনি ৰাজ্যত বাংলাদেশ সীমান্ত মুকলি হৈ থকা বিষয়ত উদ্বিগ্নতা প্ৰকাশ কৰিছে অখিল গগৈয়ে ৷ সেয়ে বাংলাদেশৰ সকলো সীমান্ত ছীল কৰাৰ বাবে আহ্বান অখিল গগৈৰ ৷ “যদিও আমাৰ এই অসমৰ অঞ্চলত সীমান্ত ছীল কৰি দিয়া হৈছে, কেৱল নদীভাগত উন্মুক্ত হৈ আছে । কিন্তু মেঘালয়, পশ্চিমবংগ আৰু ত্ৰিপুৰা এই তিনিও ঠাইতে সীমান্ত উন্মুক্ত হৈ আছে ৷ মেঘালয়ৰ সীমান্তইদি যিকোনো সময়তে এজন বাংলাদেশী মানুহ ভাৰতলৈ সোমাই আহিব পাৰে । পশ্চিমবংগ আৰু ত্ৰিপুৰাইদিও পাৰে । সেইবিলাক যদি সুৰক্ষাৰ ব্যৱস্থা অসমৰ দৰে নকৰে তেন্তে ক’বই লাগিব— আগফালে মাৰে দাং, পিছফালে ধোবাংবাং । সেয়ে এই তিনিখন ৰাজ্যত সীমান্ত কাঁটাতাঁৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছো ।” অখিল গগৈয়ে কয় ৷

লগতে পঢ়ক:ভাৰত-বাংলা সীমান্তত সষ্টম হৈ আছে বি এছ এফ : বাতিল হ’ল কেইবাখনো ৰে’লৰ যাত্ৰা - BANGLADESH VIOLENCE

ন’ মেনচ লেণ্ডত ভাৰতীয়ই নকৰে খেতি:

কালাইৰআলগাত থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ন’ মেনচ লেণ্ডত বাংলাদেশীয়েহে খেতি কৰে, ভাৰতীয়ই নকৰে ৷ বিএছএফৰ উদ্ধৃতিৰে অখিল গগৈয়ে কয়, “এই সীমান্তৰ ন’মেনচ লেণ্ডত ভাৰতীয়ই খেতি নকৰে । কিন্তু বাংলাদেশীয়ে খেতি কৰে ৷ বিএছএফে জনাইছে যে অসমৰ মানুহে খেতি কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে ৷ বিএছএফে অসমৰ মানুহক ট্ৰেক্টৰৰ যোগান ধৰিব বিচাৰে খেতিৰ বাবে । কিন্তু অসমৰ মানুহে খেতি কৰিব নিবিচাৰে ৷ এই কথাবোৰ বিচাৰ কৰিব লাগে ৷ ন’ মেনচ লেণ্ডলৈ যাবলৈ সময়ত গেট খুলি দিয়া-বন্ধ কৰাৰ ব্যৱস্থাও আছে । কিন্তু কিয় খেতি কৰিব বিচৰা নাই সেয়াও গুৰুত্বপূৰ্ণ বিষয় ।”

ABOUT THE AUTHOR

...view details