নগাঁও,২৭ আগষ্ট :নগাঁৱৰ ধিঙত কিশোৰী ধর্ষণৰ ঘটনাক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ভুক্তভোগীৰ ন্যায় বিচাৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদো অব্যাহত ৰাখিছে । এনে প্ৰতিবাদৰ মাজতে একাংশ সংগঠনৰ বিৰুদ্ধে সমাজত হিংসা বিয়পোৱাৰ অভিযোগো উত্থাপন হৈছে । এফালে উজনি অসমত যদি মিঞা মুছলমানক খেদা প্ৰক্ৰিয়া আৰম্ভ হৈছে আনফালে মধ্য অসমৰ পৰা উজনিলৈ মৎস্য ৰপ্তানি বন্ধ কৰাৰ হুংকাৰ দিয়া হৈছে । এনেবোৰ ঘটনাৰ মাজতে আকৌ সংখ্যালঘু সংগঠন আৰু গৰিয়া জনগোষ্ঠীৰ মাজত আৰম্ভ হৈছে নতুন সংঘাতৰ !
সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাক আটক
এইবাৰ গৰিয়া জনগোষ্ঠীক লক্ষ্য কৰি বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত আটক হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এগৰাকী নেতা । সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সভাপতি মোছাব্বিৰ আহমেদক সোমবাৰে নিশা আটক কৰে নগাঁও আৰক্ষীয়ে । সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি মোছাব্বিৰ আহমেদৰ বিৰুদ্ধে গৰিয়া জনগোষ্ঠীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি সদৌ অসম গৰিয়া জাতীয় পৰিষদে জাজৰী আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত সোমবাৰে নিশা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মোছাব্বিৰ আহমেদক নগাঁও আৰক্ষীয়ে আটক কৰে ।