বৰপেটা/কলিয়াবৰ:ৰাজ্যত আৰম্ভ হৈছে নতুন ৰেচন কাৰ্ড বিতৰণৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী । মন্ত্ৰী-বিধায়কসকলে প্ৰান্তে প্ৰান্তে গৈ হিতাধিকাৰীৰ মাজত বিতৰণ কৰিছে ৰেচন কাৰ্ড । শনিবাৰে বৰপেটা আৰু কলিয়াবৰত ক্ৰমে মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু মন্ত্ৰী কেশৱ মহন্তই বিতাধিকাৰীৰ মাজত বিতৰণ কৰে ৰেচন কাৰ্ড । ভাষণত ক'লে ৰেচন কাৰ্ডৰ সা-সুবিধাৰ কথা ।
বৰপেটাত ৰেচন কাৰ্ড বিতৰণ নন্দিতা গাৰ্লোচাৰ:
ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা আচনিৰ অধীনত শনিবাৰৰ পৰা বৰপেটা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ বাবে নতুনকৈ আৱণ্টিত ৰেচন কাৰ্ডসমূহৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । ইয়াৰে বৰপেটা বিধানসভা সমষ্টিৰ বিতৰণ প্ৰক্ৰিয়া বৰপেটাৰ ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠান খেলপথাৰত আয়োজিত এখন ৰাজহুৱা সভাৰ জৰিয়তে আৰম্ভ কৰা হয় । এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা ।
বৰপেটা সমষ্টিত নতুনকৈ ৩,৩৬১ গৰাকী হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব । মন্ত্ৰী গাৰ্লোচাই প্ৰতীকী ৰূপত মঞ্চত কেইবাগৰৰাকী হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদান কৰি জিলাখনত কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ সূচনা কৰে । ইয়াৰ পাছতে ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ডৰ জৰিয়তে দুখীয়া পৰিয়ালবোৰে কি কি সুবিধা লাভ কৰিব পাৰিব তাৰ বাখ্যা আগবঢ়ায় ।
তেওঁ কয়, "কাৰ্ড থকাৰ ফলত হিতাধিকাৰীয়ে বছৰি পাঁচ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব । তদুপৰি অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ সুবিধাও ভোগ কৰিব পাৰিব । যদি কোনো চৰকাৰী চাকৰি কৰি থকা লোকে ৰেচন কাৰ্ডৰ সুবিধা ভোগ কৰি আছে , তেন্তে তেওঁলোকে কাৰ্ড প্ৰত্যাহাৰ কৰক । কাৰণ তাৰ বিনিময়ত আন এটা দুখীয়া পৰিয়ালক এই সুবিধা প্ৰদান কৰিব পৰা যাব ।" লগতে মন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ডৰ দোকানীয়ে পাঁচ কেজিতকৈ কম চাউল দিলে জিলা আয়ুক্তক অভিযোগ দিবলৈ ৰাইজক আহ্বান জনায় ।