মৰাণ:পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা পাছতে জিলাই জিলাই বিভিন্ন চৰকাৰী অনুষ্ঠান আয়োজন কৰি ৰাইজৰ মাজলৈ চৰকাৰে কাম-কাজৰ খতিয়ান দিবলৈ চেষ্টা কৰিছে । ইয়াৰ সমান্তৰালভাৱে অসম চৰকাৰে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে আৰম্ভ কৰিছে 'বিকাশৰ ১২ দিন' শীৰ্ষক কাৰ্যসূচী । প্ৰতিখন জিলাতে 'বিকাশৰ ১২ দিন' শীৰ্ষক অনুষ্ঠান অনু্ষ্ঠিত কৰি ৰাইজৰ মাজত বিতৰণ কৰা হৈছে চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা ।
শনিবাৰে ডিব্ৰুগড়ৰ মানকটা পূজা খেলপথাৰত অনুষ্ঠিত হয় 'বিকাশৰ ১২দিন' কাৰ্যসূচী । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শক্তি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে । এই অনুষ্ঠানত ডিব্ৰুগড়ৰ ৭,৩৫১ গৰাকী মহিলাক মাইক্ৰ'ফাইনেন্স ঋণ মুক্ত প্ৰত্ৰ প্ৰদান কৰা হয় । লগতে অনুষ্ঠানত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ প্ৰদান কৰা হয় । এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ, পোনাকণ বৰুৱা, তৰংগ গগৈ, জিলা আয়ুক্ত বিক্ৰম কৈৰী, স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ টংকেশ্বৰ সোণোৱালৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে ।
নিজৰ সমষ্টিত মন্ত্ৰী হিচাপে প্ৰথমটো চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি উৎফুল্লিত মন্ত্ৰী প্ৰশান্ত ফুকন: