অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

৩ অনাথ শিশুৰ পিতৃৰ দায়িত্বত মন্ত্ৰী পীযুষ হাজৰীকা - Pijush Hazarika Meets Orphan Child

Minister Pijush Hazarika : অনাথ শিশুৰ পিতৃৰ দায়িত্ব পালন মন্ত্ৰী পীযুষ হাজৰীকাৰ । যোৰহাটত ৰাজহুৱা কাৰ্যসূচী সামৰি তিনি শিশুৰ সৈতে কিছু সময় অতিবাহিত কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই । লগতে মন্ত্ৰীগৰাকীৰ মন্তব্য, "এইখন চৰকাৰ ৰাইজৰ কণ্ঠ শুনা চৰকাৰ ।"

Minister Pijush Hazarika
৩ অনাথ শিশুৰ পিতৃৰ দায়িত্বত মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)

যোৰহাট, ২৪ ছেপ্টেম্বৰ : যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ কুসুম বাগানৰ ভুচি লাইনৰ এটি পৰিয়াললৈ হঠাতে নামি আহিছিল কাল আমনিশা । কিয়নো অতি কম সময়ৰ ব্যৱধানত পিতৃ-মাতৃক হেৰুৱাই অনাথ হৈ পৰিছিল কুসুম বাগানৰ ভুচি লাইনৰ তিনি কণমানি শিশু ।

এই দুৰ্ভাগ্যজনক খবৰটো তিতাবৰত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা সময়য়তেই মন্ত্ৰী পীযুষ হাজৰীকা দৃষ্টিগোচৰ হয় । খবৰটো লাভ কৰাৰ লগে লগে তৎক্ষণাত তেওঁ দুৰ্ভগীয়া পৰিয়ালটিৰ কাষত উপস্থিত হয় । লগতে অনাথ শিশুকেইটাৰ যাতে এনে পৰিস্থিতিত পঢ়া-শুনাকে ধৰি অন্য ক্ষেত্ৰত কোনো ধৰণৰ বাধা সৃষ্টি নহয় তাৰ প্ৰতি বিশেষ পদক্ষেপ গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ।

৩ অনাথ শিশুৰ পিতৃৰ দায়িত্বত মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)

মন্ত্ৰী পীযুষ হাজৰকাই শিশুকেইটাৰ পঢ়া-শুনাৰ উপৰি ভৱিষ্যতৰ কথা চিন্তা কৰি বেংকত প্ৰায় ৭ লাখ টকাৰ এক স্থায়ী জমা একাউণ্ট খোলে । এই স্থায়ী জমা আঁচনিৰ পৰা মাহিলি এক উপাৰ্জনৰ ব্যৱস্থা কৰি দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই ।

আনহাতে, সোমবাৰে দলীয় কামত যোৰহাটলৈ অহা মন্ত্ৰী পীযুষ হাজৰীকাই তিতাবৰত উপস্থিত হৈ শিশুকেইটাৰ লগত কিছু সময় অতিবাহিত কৰাৰ লগতে তেওঁলোকৰ মনৰ কথা জানিব বিচাৰে আৰু আৱেগিক হৈ পৰে । মন্ত্ৰীগৰাকীয়ে এদিন শিশুকেইটাক গুৱাহাটীলৈ ফুৰাবলৈ লৈ যোৱাৰ কথা উল্লেখ কৰে ।

মন্ত্ৰী পীযুষ হাজৰীকাই কয়, "অনাথ শিশুকেইটিক দেখি মোৰ মনটোৱে কান্দি উঠিছিল । মাজু ছোৱালীজনীয়ে কান্দি থকা দেখি মোৰ ছোৱালীজনীৰ কথা মনত পৰি গৈছিল । তাৰ পিছত মই দুদিনমান স্থিৰে থাকিব পৰা নাছিলো । বাৰে বাৰে শিসুকেইটাৰ মুখকেইখন মনত পৰিছিল । ভৱিষ্যতৰ দিনত ল'ৰা-ছোৱালীকেইটাক আৰু সহায় কৰাৰ চেষ্টা কৰিম ।"

আনহাতে, একাংশ নিউজ পৰ্টেল সম্পৰ্কত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই আগবঢ়ায় গুৰুত্বপূৰ্ণ মন্তব্য । তিতাবৰত উপস্থিত হৈ তেওঁ কয়, "নীতি-নিৰ্দেশনা নমনা আৰু ব্লেকমেইলিঙত জড়িত পৰ্টেলসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । নীতি-নিয়ম ভংগ কৰি সাংবাদিকতাৰ পৰিবেশ বিনষ্ট কৰিছে । এইটো বৰ উদ্বেগৰ কথা ।"

ইয়াৰ উপৰি চৰকাৰৰ কাম-কাজ সন্দৰ্ভত তেওঁ কয়, "এইখন চৰকাৰৰ দিনত বেয়া কাম কৰি কোনো সাৰি যাব নোৱাৰে । কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ৰাইজৰ কণ্ঠ শুনা চৰকাৰ । ৰাইজে কোৱা ধৰণেই চৰকাৰে কাম কৰে ।"

উল্লেখ্য যে মন্ত্ৰী পীযুষ হাজৰীকাই আমন্ত্ৰণক্ৰমে অনাথ শিশুকেইটাক তেওঁক সাক্ষাতৰ বাবে লৈ অহা এগৰাকী আত্মীয়য়ো মন্ত্ৰীগৰাকীৰ এই বদান্যতাক কৃতজ্ঞতা জনায় ।

লগতে পঢ়ক :বুধবাৰৰ পৰা গুৱাহাটীৰ সকলো বিদ্যালয় খোলাৰ নিৰ্দেশ - Guwahati Schools Opening Notice
লগতে পঢ়ক :আগন্তুক দুদিনত ৰাজ্যজুৰি অৰেঞ্জ এলাৰ্ট জাৰি, গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৩০ ডিগ্ৰীলৈ হ্ৰাসৰ সম্ভাৱনা - Weather in Assam

ABOUT THE AUTHOR

...view details