নলবাৰী, ১৪ মাৰ্চ: সমগ্ৰ অসমজুৰি অব্যাহত আছে মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা । মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰাৰ অংশস্বৰূপে নলবাৰীতো বুধবাৰে ৰূপায়ণ কৰা হয় বিকাশ যাত্ৰাৰ অধীনত কেইবাটাও কাৰ্যসূচী । নলবাৰীত বুধবাৰে বিকাশ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্লবৰুৱাই । সৰ্বমুঠ ২৯ কোটি টকা ব্যয় সাপেক্ষত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
এই উপলক্ষে নলবাৰীৰ ঘগ্ৰাপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় বিকাশ যাত্ৰাৰ মুকলি সভা । নলবাৰীৰ ঘগ্ৰাপাৰ অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ঘগ্ৰাপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৮ কোটি টকাৰ আৱণ্টন দিয়াৰ উপৰি নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন আঁচনিৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
আনহাতে, উক্ত অনুষ্ঠানৰ অন্তত সাংবাদ মাধ্যমেৰে হোৱা সাক্ষাৎকাৰত কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰে তেওঁ । সমাগত লোকসভা নিৰ্বাচনৰ বহু জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পালে । মহাজোঁটৰ চৰ্তক জলাঞ্জলি দি কংগ্ৰেছে ১২ টা সমষ্টিত নিজাববীয়াকৈ দিয়ে প্ৰাৰ্থী । কংগ্ৰেছৰ এই প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে ৰাজনৈতিক মহলত চলিছে তুমুল চৰ্চা ! বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।