গুৱাহাটী: দিছপুৰত এজন কন্দুৱা গেছৰ বিশেষজ্ঞ ৰাজনীতিকৰ আবিৰ্ভাৱ ঘটিছে । কন্দুৱা গেছক লৈ তেওঁৰ আছে বহুত অভিজ্ঞতা ৷ নিজকে দাবী কৰিছে অভিজ্ঞতাপুষ্ট বুলি । তেওঁ আন কোনো নহয়, বিশেষজ্ঞজন হ’ল বিজেপিৰ মিত্ৰ দল অগপৰ সভাপতি তথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অংশীদাৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা ।
যোৱা বৃহস্পতিবাৰে ৰাজভৱনত কন্দুৱা গেছ নিক্ষেপৰ পিছতে চিকিৎসালয়ত মৃত ঘোষিত কংগ্ৰেছ কৰ্মী অধিবক্তা মৃদুল ইছলামৰ কৰুণ মৃত্যু প্ৰসংগত মন্ত্ৰী অতুল বৰাৰ মন্তব্য । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই কন্দুৱা গেছক লৈ দিলে সাংঘাতিক যুক্তি ৷ বৰাৰ মন্তব্য ‘‘অসম আন্দোলনত বহুবাৰ কন্দুৱা গেছৰ সন্মুখীন হৈছো ৷ কন্দুৱা গেছত কোনো মানুহ মৰা বুলিতো ক’তো শুনা নাই ।’’
“মইতো ক’তো শুনা নাই যে কন্দুৱা গেছত মানুহ মৰিছে ৷ মানুহ মৰাৰ ব্যৱস্থাটো কেতিয়াও কন্দুৱা গেছ নহয় । চৰকাৰে কেতিয়াও উদ্দেশ্য প্ৰণোদিতভাৱে এনে নকৰে । কাৰোবাক মাৰি, হত্যা কৰি, বশ কৰি চৰকাৰ ক্ষমতাত থাকিব তেনে উদ্দেশ্য আমাৰ নাই ।” কন্দুৱা গেছক লৈ মন্তব্য অগপ মন্ত্ৰী অতুল বৰাৰ ।
কন্দুৱা গেছত যে মানুহ নমৰে তাকে পতিয়ন নিয়াবলৈ ছবছৰীয়া অসম আন্দোলনৰ অভিজ্ঞতাৰে মন্ত্ৰীগৰাকীয়ে ক’লে কন্দুৱা গেছৰ কথা ৷ “অসম আন্দোলনৰ অভিজ্ঞতাৰে কওঁ, তেতিয়া আমিও অংশগ্ৰহণ কৰিছিলো । আমি মহাবিদ্যালয়ৰ ছাত্ৰ আছিলো প্ৰথমাৱস্থাত । তেতিয়া বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰোতে কেইবাঠাইতো আন্দোলনত কন্দুৱা গেছৰ সন্মুখীন হৈছিলো । তেতিয়া মইতো শুনা নাই যে কন্দুৱা গেছত মানুহৰ মৃত্যু ঘটিছে ।”