তেজপুৰ,২৬ জুন:ওদালগুৰি জিলাৰ মাজবাটৰ ধৰ্ষণকাণ্ডৰ উত্তেজনা অব্যাহত থকাৰ সময়তে পুনৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত সংঘটিত হয় আন এক ধৰ্ষণৰ ঘটনা । ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত অৰুণ চাহ বাগিচাত সংঘটিত হয় এই ধৰ্ষণৰ ঘটনা । অভিযোগ অনুসৰি অৰুণ চাহ বাগিচাৰ মাজত দশম শ্ৰেণীৰ এগৰাকী ১৫ বছৰীয়া ছাত্ৰীক এটা নৰপিশাচে ধৰ্ষণ কৰি পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত ৷
ঘটনাৰ বিৱৰণী অনুসৰি ২৪ জুনৰ সন্ধিয়া প্রায় ৬:৩০ মান বজাত টিউচনৰ পৰা উভতি অহাৰ পথত দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক চাইকেলৰ পৰা জোৰকৈ নমাই অৰুণ চাহ বাগিচাৰ মাজলৈ টানি নি এই জঘন্য কাণ্ড সংঘটিত কৰে ঢেকীয়াজুলিৰ ১ নং পলাশবস্তি গাঁৱৰ ছহিদুল ইছলাম নামৰ এজন লোকে ৷ ইতিমধ্যে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ধৰ্ষণকাৰী ছহিদুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
উক্ত ঘটনাৰ পিচতে বুধবাৰে মন্ত্ৰী অশোক সিংহলে ঘটনা সন্দৰ্ভত তেজপুৰৰ আৰক্ষী অধীক্ষকৰ লগতে স্থানীয় বিভিন্ন দল-সংগঠনৰ সৈতে এক আলোচনাত মিলিত হয় । বৈঠকৰ পিচত সাংবাদিকক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ঢেকীয়াজুলিত সংঘটিত এই ঘটনাই মানৱ সমাজক লজ্জানত কৰিছে । সামাজিক ব্যাধিস্বৰূপ এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ স্বাৰ্থত এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে একগোট হ'বলৈ তেওঁ ৰাইজলৈ আহ্বান জনায় ।