অসম

assam

তেজপুৰৰ ৰাইজৰ বাবে 24 ঘন্টাই পানী - AMRUT 2 0

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:36 PM IST

Minister Ashok Singhal: অম্ৰুত ২.০ আঁচনিৰ অধীনত তেজপুৰ চহৰত পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহালৰ ৷ এই প্ৰকল্পই তেজপুৰৰ প্ৰতিটো ঘৰতে বিশুদ্ধ, নলৰ পৰা খোৱাপানী নিশ্চিত কৰাৰ লগতে চহৰখনৰ জনজীৱনৰ মান বৃদ্ধি কৰিব বুলি আশা ব্যক্ত মন্ত্ৰী সিংহলৰ ৷

AMRUT 2 0
তেজপুৰ চহৰত অসমৰ ভিতৰতে প্ৰথম Drink from Tap (ETV Bharat Assam)

তেজপুৰ, ১২ ছেপ্টেম্বৰ: ঊষানগৰী তেজপুৰ চহৰবাসী ৰাইজক এক সুপৰিকল্পিত আৰু দীৰ্ঘম্যাদী খোৱাপানী যোগান আঁচনি উপহাৰ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ অম্ৰুত ২.০ আঁচনিৰ অধীনত বৃহস্পতিবাৰে তেজপুৰ চহৰ পানীযোগান আঁচনিৰ প্ৰথম পৰ্যায়ৰ কাম-কাজৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী অশোক সিংহলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ১ অক্টোবৰত অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেচন (AMRUT) ২.০-ৰ শুভাৰম্ভ কৰিছিল ।

তেজপুৰ চহৰৰ প্ৰতিটো পৰিয়ালে যাতে ঘৰতে পৰিষ্কাৰ আৰু বিশুদ্ধ খোৱাপানী লাভ কৰিব পাৰে, সেই লক্ষ্যৰে প্ৰায় ৩৩ কোটি টকাৰ অনুমোদিত প্ৰকল্প ব্যয়েৰে তেজপুৰ নগৰ পানী যোগান প্ৰকল্প গ্ৰহণ কৰা হৈছে । তেজপুৰ চহৰৰ ১, ২, ৩, ৫, ৬, ৮ আৰু ৯ নং ৱাৰ্ডৰ ৬০০০ টা পৰিয়ালক পানী যোগান ধৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ত এই পানী যোগান প্ৰকল্পৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এই প্ৰকল্পৰ পানীৰ মূল উৎস হৈছে ব্ৰহ্মপুত্ৰ । ইয়াৰ বাবে অগ্নিগড়ত থকা বৰ্তমানৰ জল পৰিশোধন প্লাণ্ট ব্যৱহাৰ কৰা হ’ব, যাৰ ক্ষমতা প্ৰতিদিনে ৯.৪৬ মিলিয়ন লিটাৰ ।

তেজপুৰ পানী যোগান প্ৰকল্পটো সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম ‘Drink from Tap’ মানসম্পন্ন পানীযোগান প্ৰকল্প হিচাপে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে আৰু ইয়াৰ বাবে অতিৰিক্ত ২৫ কোটি টকা ব্যয় কৰা হ’ব । এই পদক্ষেপৰ ফলত তেজপুৰ চহৰৰ প্ৰতিঘৰ বাসিন্দাই নিজৰ নলৰ পৰা পোনপটীয়াকৈ ২৪x৭ বিশুদ্ধ খোৱাপানী লাভ কৰাটো নিশ্চিত কৰিব । এই পানী অধিক পৰিশোধন নকৰাকৈ বা উতলোৱাৰ প্ৰয়োজন নোহোৱাকৈয়ে খোৱা আৰু ৰন্ধা-বঢ়াৰ বাবে নিৰাপদ ৰূপত ব্যৱহাৰ কৰিব পৰা যাব ।

অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, অম্ৰুত মিছনৰ অসম ৰাজ্যিক মিছন সঞ্চালক সম্প্ৰীতি গোস্বামী, অসম নগৰ পানী যোগান পয় প্ৰণালী পৰিষদৰ পৰিচালন সঞ্চালক ড৹ প্ৰণতি গগৈ, অম্ৰুত মিছনৰ অসম ৰাজ্যিক অতিৰিক্ত পৰিচালন সঞ্চালক সঞ্জয় কুমাৰ মহন্ত, তেজপুৰ পৌৰসভা আৰু জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগতে জিলাখনৰ বহু আমন্ত্ৰিত বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে এন এফ ৰে'লৱেৰ 12 খন বিশেষ ৰে'লৰ ব্যৱস্থা - Assam govt ADRE 2024

ABOUT THE AUTHOR

...view details