অসম

assam

ETV Bharat / state

দলীয় কৰ্মীক লোকসভা নিৰ্বাচনৰ যুঁজৰ বাবে সাজু হোৱাৰ আহ্বান অজন্তা নেওগৰ - LOK SABHA ELECTIONS

Lok Sabha Election 2024: গোলাঘাটৰ মেৰাপানীত বিজেপি দলৰ কৰ্মীসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগ । লোকসভা নিৰ্বাচনত দলীয় কৰ্মীক নিৰ্বচনী যুঁজৰ বাবে গোলাঘাটৰ টঙালি বান্ধিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ । কেইবালাখ ভোটত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা জয়ী হ'ব বুলি মন্তব্য নেওগৰ ।

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:10 PM IST

BJP candidate Kamakhya Prasad Tasa
দলীয় কৰ্মীক লোকসভা নিৰ্বাচনৰ যুঁজৰ বাবে সাজু হ'বলৈ আহ্বান মন্ত্ৰী অজন্তা নেওগৰ

দলীয় কৰ্মীক লোকসভা নিৰ্বাচনৰ যুঁজৰ বাবে সাজু হ'বলৈ আহ্বান মন্ত্ৰী অজন্তা নেওগৰ

গোলাঘাট,২২ মাৰ্চ:সমাগত লোকসভা নিৰ্বাচনক লৈ যুদ্ধংদেহি প্ৰস্তুতি বিজেপি দলৰ । শুকুৰবাৰে মেৰাপানীত উপস্থিত হৈ ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে এখন কৰ্মীসভাত উপস্থিত হৈ লোকসভা নিৰ্বাচনৰ যুঁজৰ বাবে সাজু হ'বলৈ আহ্বান জনালে দলীয়-কৰ্মীক । মন্ত্ৰী নেওগে সাংবাদিকৰ আগত কাজিৰঙা সমষ্টিত কেইবালাখ ভোটত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা জয়ী হ'ব বুলি মন্তব্য কৰাৰ লগতে এই নিৰ্বাচন নৰেন্দ্ৰ মোদী বনাম উন্নয়ণৰ নিৰ্বাচন বুলি অৱগত কৰে ।

তেওঁ পুনৰ কয় যে ৰাইজে উন্নয়ন দেখি বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে । মোদীৰ উন্নয়নৰ প্ৰতি মানুহৰ উৎসাহ আছে । ইফালে কাজিৰঙা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই প্ৰায় পঞ্চাশ সহস্ৰাধিক সমৰ্থকক লৈ অহা ২৭ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে । ১৯ এপ্ৰিলত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ।

এই নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ সমষ্টিকেইটাৰ মন্ত্ৰী, বিধায়ক, দলীয় কৰ্মীয়ে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । ইফালে গোলাঘাট জিলাৰ পাঁচটা বিধানসভা সমষ্টিত ব্যাপক নিৰ্বচনী তৎপৰতা অৱলম্বন কৰিছে অগপ আৰু বিজেপি দলে ।

জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত তিনিজনকৈ বিজেপি দলৰ বিধায়ক আৰু দুটা সমষ্টিত মিত্ৰজোঁটৰ বিধায়ক আছে । পুৰ্বে কলিয়াবৰ আৰু বৰ্তমানৰ কাজিৰঙা লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ বিশেষ গুৰুত্ব আৰোপ কৰিছে বিজেপি দলে । ইফালে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিছে প্ৰাক্তন বিধায়ক ৰ'জলিনা তিৰ্কীক ।

লগতে পঢ়ক:মোদীৰ ছুনামিত সকলো শক্তি উটি-ভাহি যাব : সাংসদ কুইন ওজা - MP Queen Oja

ABOUT THE AUTHOR

...view details