আমগুৰি, ২৬ জুন: শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰভেঁটি গাঁৱত মঙলবাৰে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে সংঘটিত কৰিলে চুৰিকাৰ্য । ঘটনাৰ বিৱৰণী মতে, বৰভেঁটি গাঁৱৰ বন্তি চুতীয়াৰ পৰিয়ালৰ গৃহত চিলিং ভাঙি ভিতৰত প্ৰৱেশ কৰি ১০ টাৰো অধিক গডৰেজৰ লকাৰ ভাঙে চোৰে । কাপোৰ-কানি লণ্ড-ভণ্ড কৰাৰ লগতে বহু মূল্যৱান সামগ্ৰীও চোৰে চুৰি কৰি নিয়ে । কৰ্মসূত্ৰে গুৱাহাটীত থকা বন্তি চুতীয়াই ঘৰটোৰ এটা অংশ নৱজ্যোতি তামুলী নামৰ এজন ব্যক্তিক ভাৰালৈ দিছিল । উক্ত ভাড়াতীয়া পৰিয়ালটো নথকা অৱস্থাতে চোৰে চলায় লুটপাট ।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে ভাড়াতীয়া নৱজ্যোতি তামুলীয়ে আমগুৰি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । পিচত ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, যোৱা কিছুদিনৰ পৰা আমগুৰিৰ বিভিন্ন অঞ্চলত বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ উপদ্ৰৱ ।
লগতে পঢ়ক:মঙলদৈত চোৰ, প্ৰৱঞ্চকৰ উপদ্ৰৱ, একেদিনাই লুটিলে দুগৰাকীক - Theft Incident In Mangaldoi