ধিং, 23 আগষ্ট : কিমান সুৰক্ষিত আজিৰ নাৰী ? প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে নাৰী নিৰ্যাতনৰ বাতৰিয়ে ৷ নাৰীৰ সুৰক্ষাৰ বাবে ন ন আঁচনি ৰূপায়ণ কৰাৰ পাছতো গা লৰা নাই একাংশ দুষ্টমনোবৃত্তিৰ লোকৰ ৷ অভয়াকাণ্ডৰ পাছতে এইবাৰ ধিঙত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷
ধৰ্ষণকাণ্ডই জোকাৰিছে ৰাজ্য (ETV Bharat Assam) এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে ধিঙৰ মহিলাসকলে ৷ ধিংকাণ্ডৰ বিৰোধিতা কৰি শুকুৰবাৰে বিভিন্ন দল-সংগঠনকে ধৰি ধিঙৰ নাৰী সুৰক্ষা সমিতিয়ে ৰূপায়ণ কৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । ধৰ্ষণকাৰীক ফাঁচী দিয়ক, অতি শীঘ্ৰে ধৰ্ষণকাৰীক কৰায়ত্ত কৰক ইত্যাদি শ্ল’গান দি ধিঙৰ আকাশ বতাহ উত্তাল কৰে প্ৰতিবাদী শ শ নাৰীয়ে ৷
লগতে পঢ়ক :ধিঙৰ জঘন্য কাণ্ডই কঁপাইছে ৰাজ্য : ধৰ্ষণকাৰীক শীঘ্ৰে শাস্তিৰ দাবীত ৰাজ্যত প্ৰতিবাদ - Gang rape in Dhing
- দুই সন্দেহযুক্ত যুৱকক আটক :
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ধিংকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত বৰভেঁটি গাঁৱৰ দুই সন্দেহযুক্ত যুৱক ক্ৰমে তফজ্জুল ইছলাম আৰু জুনাইদুল ইছলামক আটক কৰা হৈছে । অৱশ্য প্ৰকৃত অপৰাধী কোন এতিয়াও পোহৰলৈ অহা নাই । যদিহে এই দুই যুৱক সঁচাকৈয়ে ধৰ্ষণকাণ্ডত জড়িত, তেন্তে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী তুলিছে বৰঁভেটি গাঁৱৰ ৰাইজে ৷
লগতে পঢ়ক :ধিংকাণ্ড : দোষীক ফাঁচীৰ দাবী আলফা স্বাধীনৰ - Dhing rape case
ইপিনে আজি ধিঙত বিভিন্ন দল-সংগঠনকে ধৰি নাৰী সুৰক্ষা সমিতিয়ে গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত পুৱাৰ পৰাই গাড়ী-মটৰ, দোকান-পোহাৰ বন্ধ কৰি দিয়া হয় ৷ আনকি এই দলবদ্ধ ধৰ্ষণকাণ্ডক লৈ ছাত্ৰ সন্থাই অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰে ৷ ফলত আজিও স্তব্ধ হৈ পৰে ধিং ।
লগতে পঢ়ক :মানুহৰ ভিতৰত থকা জন্তুটো কেনেকৈ চৰকাৰে বুজি উঠিব ? ধিং কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া - Assam CM reacts on Dhing rape case
- প্ৰকৃত ঘটনাটো আৰু ভুক্তভোগীৰ স্বাস্থ্যৰ অৱস্থা :
উল্লেখ্য যে টিউচনৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত 3 দুৰ্বৃত্তৰ কামনাৰ বলি হৈছিল এগৰাকী নাবালিকা । তাৰ পাছত দুৰ্বৃত্তৰ দলটোৱে ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত শ্মশানৰ কাষতে নাবালিকাগৰাকীক পেলাই থৈ গৈছিল ৷ তাৰ পাছতে পথচাৰীয়ে উলংগ অৱস্থাত পৰি থকা নাবালিকাগৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।
পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰি ধিং চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে । অৱশ্যে পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে নাবালিকাগৰাকীক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । শেহতীয়াকৈ নাবালিকাগৰাকীৰ স্বাস্থ্য কেনে আছে সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক :নাবালিকা ধৰ্ষণৰ ঘটনাক লৈ উত্তাল ধিং: শীঘ্ৰে ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যৱস্থা ল’বলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - Dhing rape case