নিউজ ডেস্ক,২৮ মে':ৰাজ্য়ত ধুমুহাৰ তাণ্ডৱ । ৰেমলৰ প্ৰভাৱত ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হোৱাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । গৃহহীন হৈছে বহুতো পৰিয়াল । বিদ্যুৎ যোগান ব্যাহত হোৱাত খোৱা পানীৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্য়াৰ সন্মুখীন হৈছে হাজাৰ হাজাৰ লোক । ঘূৰ্ণিবতাহৰ প্ৰভাৱত স্তব্ধ হৈ পৰিছে জনজীৱন ।
মহানগৰীত ৰেমলৰ প্ৰভাৱ
ধুমুহা-বৰষুণৰ ফলত মঙলবাৰে পুৱতি নিশাৰ পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বিদ্যুৎ যোগান ব্যাহত হৈছে । বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে মহানগৰবাসী । পানীৰ সমস্যাত ভুগিছে মহানগৰবাসীয়ে । পানীৰ সমান্তৰালকৈ ম'বাইল চাৰ্জৰ সমস্যাত ভুগিছে । ফলত যোগাযোগ ব্যাহত হৈছে। ইপিনে, ধুমুহা-বৰষুণৰ ফলত কটন বিশ্ববিদ্যালয়ৰ চৌহদ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত, নাৰেঙ্গী চন্দ্ৰপুৰ পথ , বামুনী মৈদানত প্ৰকাণ্ড গছ বাগৰি পৰিছে । লগতে শান্তিপুৰত প্ৰকাণ্ড গছ বাগৰি দুখন বাহন চূৰ্চুমৈ হৈ পৰে । শান্তিপুৰৰ বাসন্তী মটৰ ৱ'ৰ্কশ্বপত ৰাখি থোৱা দুখন বাহন চূৰ্চুমৈ হয় ।আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতি সুস্থিৰ নোহোৱালৈকে সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ জনাইছে।
প্ৰাথমিক বিদ্যালয়ত অঘটন
ৰেমলৰ ফলত কঠিয়াতলী ৰেংবেং প্ৰাথমিক বিদ্যালয়ত বাগৰি পৰিল প্ৰকাণ্ড গছ ৷ অৱশ্য়ে কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰ-ছাত্ৰীৰ ৷ গছ বাগৰাৰ সময়ত বিদ্যালয় ভিতৰত আছিল কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী ৷ পিচত স্থানীয় লোকে বিদ্যালয়খনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে ছাত্ৰ ছাত্ৰীসকলক ৷
গোলাঘাটত ৰেমলৰ প্ৰভাৱ
গোলাঘাট জিলাত ধুমুহাত তচনচ হৈ পৰে নুমলীগড় আৰু মৰঙিৰ বিভিন্ন অঞ্চল ৷ প্ৰচণ্ড বতাহৰ ফলত গছ বাগৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ ই-ৰিক্সাৰ বিস্তৰ ক্ষতি হয় । লগতে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ সন্মুখত ৰখাই থোৱা এখন বিলাসী বাহন । তেলগৰমত ১১ কেভি বিদ্যুতৰ খুটা পথৰ ওপৰতে বাগৰি পৰে ৷ পিচত নুমলীগড় আৰক্ষী প্ৰশাসনে তৎপৰতাৰে পথ মুকলি কৰাৰ ব্যবস্থা কৰিছে ৷ আনহাতে,পথ মুকলি কৰি থকা অবস্থাতে নুমলীগড় আৰক্ষী থানাৰ ৰাজীৱ বৰা নামৰ এজন সহকাৰী উপ-পৰিদৰ্শক আঘাতপ্ৰাপ্ত হৈ নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হৈছে ।
ইফালে,যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ লগতে ধুমুহাত গছ বাগৰি ভাগিছে খতিয়াখলি এম ই স্কুলৰ ডিজিটেল শ্ৰেণীকোঠা । লগতে বোকাখাত নগৰত গছ ভাগি ক্ষতি হৈছে কেইবাখনো যান-বাহনৰ । আনহাতে, গোলাঘাটৰ মইপাৰত গছৰ ডাল ভাঙি এখন বাহনৰ ওপৰত পৰি যোৱাত বাহনখনত থকা আৰোহী আহত হোৱাৰ লগতে বাহনখনৰ বিস্তৰ ক্ষতি সাধন হয় । গোলাঘাট জিলা প্ৰশাসনে এক জৰুৰী নিৰ্দেশ যোগে তাৎক্ষণিকভাৱে জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় ছুটী দিবলৈ নিৰ্দেশ দিয়ে ।