গোলাঘাট: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সোমবাৰে মণিপুৰ আৰক্ষীৰ জোৱানক প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে দুয়োখন ৰাজ্যৰ পুৰণি সম্পৰ্কই পুনৰ গতি লাভ কৰিছে । এন বীৰেণ সিঙে অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী (এল বি পি এ)ত অনুষ্ঠিত মণিপুৰ আৰক্ষীৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
‘‘অসম আৰু মণিপুৰৰ পুৰণি সম্পৰ্কই পুনৰ গতি লৈছে । যিহেতু মণিপুৰত পৰিস্থিতি ভাল নহয়, গতিকে তাত আই আৰ বিৰ প্ৰশিক্ষণ সম্ভৱ নাছিল আৰু যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰীক সুধিলোঁ- তেওঁ লগে লগে (অসমত প্ৰশিক্ষণৰ সুবিধাৰ বাবে) ইয়াৰ বাবে সন্মতি দিলে । তেওঁৰ চৰকাৰৰ সহযোগী আৰু ৰাজ্যৰ ডিজিপিৰ প্ৰতি মই অত্যন্ত কৃতজ্ঞ ।’’
সিঙে লগতে কয়, ‘‘আজি মই সমাৱৰ্তনৰ পেৰেডত অংশ লৈছো আৰু ভাল অনুভৱ হৈছে । মণিপুৰৰ পৰিস্থিতি জটিল, সময় লাগিব কিন্তু লাহে লাহে ভাল হৈ আহিছে ।’’ লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত এই পেৰেডত অংশগ্ৰহণ কৰি অসম আৰু মণিপুৰৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যয়ো পুলিচ একাডেমীৰ সকলো বিষয়া-প্ৰশিক্ষক আৰু অসমৰ ডি জি পিক অভিনন্দন জ্ঞাপন কৰে ।
‘‘লাচিত বৰফুকনৰ এক গৌৰৱময় ইতিহাস আছে আৰু মই আশা কৰিছো তেওঁৰ নামত গঢ় লৈ উঠা এই একাডেমীত নিযুক্তিপ্ৰাপ্ত সকলে তেওঁৰ পৰা প্ৰেৰণা ল'ব আৰু দেশৰ নিৰাপত্তা সুদৃঢ় কৰিব । মই আৰক্ষী একাডেমীৰ সকলো বিষয়া-প্ৰশিক্ষক আৰু ডিজিপিক অভিনন্দন জনাইছো ।’’ তেওঁ কয় ।
প্ৰশিক্ষণ আৰম্ভ কৰা ১৯৮৪ জন নিযুক্তিপ্ৰাপ্তৰ ভিতৰত ১৯৪৬ জন নিযুক্তিপ্ৰাপ্তই সমাৱৰ্তনত অংশ লয় । ২০২৪ চনৰ ২৯ জানুৱাৰীৰ পৰা অসম আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ লাচিত বৰফুকন পুলিচ একাডেমী (এল বি পি এ)ত মণিপুৰ আৰক্ষীৰ নিযুক্তিপ্ৰাপ্তসকলৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল । মুঠ ১৯৮৪ গৰাকী নিযুক্তিপ্ৰাপ্ত এই একাডেমীত প্ৰশিক্ষণৰ বাবে অন্তৰ্ভুক্ত হৈছিল ।